NERAMAC গুৱাহাটীত নিযুক্তি ২০২১ - জেষ্ঠ প্ৰশাসনিক বিষয়াৰ পদ খালী

নৰ্থ ইষ্টাৰ্ণ ৰিজিঅনেল এগ্ৰিকালচাৰেল মাৰ্কেটিং কৰ্পোৰেচন লিমিটেডত জেষ্ঠ প্ৰশাসনিক বিষয়াৰ পদত নিযুক্তি প্ৰদানৰ বাবে আৱেদন পত্ৰ বিচৰা হৈছে
NERAMAC গুৱাহাটীত নিযুক্তি ২০২১ - জেষ্ঠ প্ৰশাসনিক বিষয়াৰ পদ খালী

নৰ্থ ইষ্টাৰ্ণ ৰিজিঅনেল এগ্ৰিকালচাৰেল মাৰ্কেটিং কৰ্পোৰেচন লিমিটেডৰ বিষয়ে :

নৰ্থ ইষ্টাৰ্ণ ৰিজিঅনেল এগ্ৰিকালচাৰেল মাৰ্কেটিং কৰ্পোৰেচন লিমিটেদৰ প্ৰতিস্থাপন কৰা হৈছিল উত্তৰ পূৰ্বাঞ্চলৰ কৃষক তথা উৎপাদক সমূহে উৎপাদন কৰা সামগ্ৰী সমূহৰ পৰ্যাপ্ত মূল্য লাভৰ কৰিবৰ হেতু সহায় প্ৰদান কৰিবৰ বাবে আৰু লগতে কৃষক সকল আৰু বজাৰ মাজত জন্ম পোৱা খালী ঠাই পূৰণৰ কৰিবৰ বাবে আৰু ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল ক্ষেত্ৰৰ কৃষি উৎপাদন, মাৰ্কেটিঙ প্ৰক্ৰিয়া আৰু আন্তঃগাঠনি উন্নয়ন কৰা। বৰ্তমান সময়ত ভাৰত চৰকাৰ, উত্তৰ পূৰ্বাঞ্চল ক্ষেত্ৰৰ উন্নয়ন মন্ত্ৰালয়ৰ অধীনত পৰিচালিত নৰ্থ ইষ্টাৰ্ণ ৰিজিঅনেল এগ্ৰিকালচাৰেল মাৰ্কেটিং কৰ্পোৰেচন লিমিটেডৰ, মুখ্য কাৰ্যালয় অৱস্থিত ৯ৰাজবাৰী পথ, গণেশগুৰি, গুৱাহাটী।

নৰ্থ ইষ্টাৰ্ণ ৰিজিঅনেল এগ্ৰিকালচাৰেল মাৰ্কেটিং কৰ্পোৰেচন লিমিটেডত পদ খালী :

নৰ্থ ইষ্টাৰ্ণ ৰিজিঅনেল এগ্ৰিকালচাৰেল মাৰ্কেটিং কৰ্পোৰেচন লিমিটেডত শেহতীয়া ভাৱে জেষ্ঠ প্ৰশাসনিক বিষয়াৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে l

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ 

প্ৰয়োজনীয় তথ্য

পদৰ নাম

জেষ্ঠ প্ৰশাসনিক বিষয়া

খালী পদ

০১

বয়স

অধিকতম ৬৫বছৰ

দৰমহা 

৪৫,০০০/- টকা, প্ৰতি মাহে

অৱস্থান

 গুৱাহাটী, অসম

অন্তিম তাৰিখ

২৮/১২/২০২১

পদৰ ধৰণ

স্থায়ী 

শিক্ষাগত আৰু অন্যান্য অৰ্হতা :

১. নূন্যতম স্নাতক উত্তীৰ্ণ। ইচ্ছুক প্ৰাৰ্থীৰ আইন বিভাগত স্নাতক ডিগ্ৰী/ মানৱ সম্পদ ব্যৱস্থাপনা/ এইচ আৰ এম বিভাগত পি জি ডিপ্লোমা/ ব্যক্তিগত ব্যৱস্থাপনা বিষয় থকা সকলক প্ৰাধান্য দিয়া হ'ব।

২. নূন্যতম ১৫বছৰৰ অভিজ্ঞতা যাৰ ১০বছৰ ব্যক্তিগত আৰু প্ৰশাসনিক বিষয়ৰ ক্ষেত্ৰত, কেন্দ্ৰীয় অসামৰিক সেৱা বা জিলা প্ৰশাসনিক সেৱাত থকা সকলক প্ৰাধান্য দিয়া হ'ব/, আৰক্ষী বা সুৰক্ষা সেৱা বা কেন্দ্ৰীয় বা ৰাজ্য পি এছ ইউ। প্ৰাক্তন চৰকাৰী চাকৰিয়াল/ কেন্দ্ৰীয় চৰকাৰৰ বিষয়া/ ৰাজ্য চৰকাৰ/ পি এছ ইউ/ স্বায়ত্ত্ব শাসিত কেন্দ্ৰ সমূহত প্ৰশাসনৰ ক্ষেত্ৰত বিশেষজ্ঞৰ অৰ্হতা থকা সকলক প্ৰাধান্য দিয়া হ'ব।

৩. কম্পিউটাৰ জ্ঞান আৰু কথোপকথনৰ অৰ্হতা থকা সকলক প্ৰাধান্য দিয়া হ'ব।

আৱেদন প্ৰক্ৰিয়া :

১. প্ৰাৰ্থী সকলে অন্তিম তাৰিখ ২৮/১২/২০২১ৰ পূৰ্বে নিজৰ আৱেদন পত্ৰ hr.neramac@gmail.com যোগে মেইল কৰিব পৰিব।

২. সাক্ষাৎকাৰৰ বাবে প্ৰাৰ্থী সকলে নিজৰ সকলো প্ৰমাণ পত্ৰৰ প্ৰকৃত প্ৰতিলিপি নিজৰ লগত আনিব লাগিব।

বাছনি প্ৰক্ৰিয়া :

• সাক্ষাৎকাৰৰ ওপৰত ভিত্তি কৰি প্ৰাৰ্থী বাছনি কৰা হ'ব।

• সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ'ব ২৮/১২/২০২১ তাৰিখে পুৱা ১১বজাৰ পৰা বিয়লি ২বজালৈকে।

ঠিকনা : NERAMAC লিমিটেড, ৯ৰাজবাৰী পথ, গণেশগুৰি, গুৱাহাটী - ৭৮১০০৫

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com