Begin typing your search above and press return to search.

ফৰাচী ছবিৰ হিন্দী সংস্কৰণত আৰক্ষীৰ চৰিত্ৰত শ্বাহিদ কাপুৰ

ৰাজ আৰু দি. কে. নিৰ্দেশিত এখন ৱেব চিৰিজৰ কামতো ব্যস্ত তেওঁ।

ফৰাচী ছবিৰ হিন্দী সংস্কৰণত  আৰক্ষীৰ চৰিত্ৰত শ্বাহিদ কাপুৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Sep 2021 11:02 AM GMT

শেহতীয়া খবৰৰ মতে, চলচ্চিত্ৰ নিৰ্মাতা আলী আব্বাছ জাফৰৰ সৈতে এখন মনোৰঞ্জন ধৰ্মী ৱেবছবিৰ বাবে চুক্তিবদ্ধ হৈছে বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহিদ কাপুৰ। এটি খবৰ অনুসৰি উক্ত ছবিখন হ'ব ফৰাচী ভাষাত নিৰ্মিত এখন ছবি "নুইট ব্লাঞ্চে" অৰ্থত নিদ্ৰাবিহীন ৰাতিৰ হিন্দী সংস্কৰণ। আৰু ছবিখনৰ শ্বাহিদ কাপুৰক দেখিবলৈ পোৱা যাব, ড্ৰাগছ মাফিয়াৰ অভিযানত নামি পৰা এগৰাকী পুলিচ বিষয়াৰ চৰিত্ৰত। অৱশ্যে এই পৰ্যন্ত কোনো অভিনেত্ৰী সন্মিলিত কৰা হোৱা নাই ছবিখনৰ বাবে।

আমোদজনক বাবে এই ছবিৰ মুখ্য চৰিত্ৰৰ বাবে শ্বাহিদৰ পূৰ্বে প্ৰথমে উচ্চাৰিত নাম আছিল অভিষেক বচ্চনৰ। ২০১৯ চনত এই বাতৰিয়ে কিছু চাঞ্চল্যৰ সৃষ্টি কৰিছিল। কিন্তু কিছু অজ্ঞাত কাৰণত শ্বাহিদ কাপুৰৰ এই বিশেষ চৰিত্ৰটোৰ কাৰণে বাছনি কৰা হৈছে।

২০১৯চনত "কবিৰ সিং"ৰ সৈতে দৰ্শকৰ মনত আলোৰণৰ সৃষ্টি কৰা অভিনেতা শ্বাহিদ কাপুৰ বৰ্তমান সময়ত ব্যস্ত তেলেগু ছবি "জাৰ্চি"ৰ হিন্দী সংস্কৰণৰ চিত্ৰগ্ৰহণত। এই ছবিত তেওঁৰ সৈতে দেখিবলৈ পোৱা যাব মৃণাল ঠাকুৰ আৰু পংকজ ত্ৰিপাঠীক। ৰাজ আৰু দি. কে. নিৰ্দেশিত এখন ৱেব চিৰিজৰ কামতো ব্যস্ত তেওঁ। নিজৰ ডিজিটেল অৱতাৰণাৰ বিষয়ে কিছু সময় আগেয়ে নিজৰ মত ব্যক্ত কৰি অভিনেতা জনে কয় যে, "প্ৰথম শুনোতেই মই ইয়াৰ কাহিনীৰ প্ৰতি আকৃষ্ট হৈছিলোঁ, আৰু তেতিয়াৰ পৰাই ই মোৰ বাবে এক আমোদজনক যাত্ৰা হৈ পৰিছিল। দৰ্শকৰ লগত এই চিৰিজ শ্বেয়াৰ কৰিবলৈ মই অধিৰ আগ্ৰহেৰে বাট চাই আছোঁ"।

Next Story
চাকৰি