শ্বিলঙৰ আইন মহাবিদ্যালয়ত সহায়কৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
শ্বিলঙৰ আইন মহাবিদ্যালয়ত সহায়কৰ পদখালী
Published on

শ্বিলঙৰ আইন মহাবিদ্যালয়ত তথ্য ৰক্ষী (ৰেকৰ্ড কীপাৰ)-ৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : LDA/ LDA তথা তথ্য ৰক্ষী (ৰেকৰ্ড কীপাৰ)। 

খালী পদৰ সংখ্যা : ০১ টা। 

দৰমহা : নিয়ম অনুযায়ী।

নিযুক্তিৰ স্থান : শ্বিলং, মেঘালয়

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২৫/০৯/২০২১

পদৰ ধৰণ : স্থায়ী।

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞান বিষয়ত B.Sc/ BCA কৰা হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদক আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ ( বায়োডাটা), নিজ স্বাক্ষৰ যুক্ত শিক্ষাগত নথিপত্ৰ, জন্ম প্ৰমাণপত্ৰ আৰু পাছপৰ্ট ফটো নিম্নোক্ত ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : শ্বিলং আইন মহাবিদ্যালয়, ধানখেটি, শ্বিলং, পূব খাচী পাহাৰ জিলা, মেঘালয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com