ছিকিম উচ্চ ন্যায়ালয়ৰ (Sikkim High Court) নিযুক্তি ২০২২ - ন্যায়িক দণ্ডাধীশৰ পদ খালী

ছিকিম উচ্চ ন্যায়ালয়ে অসামৰিক ন্যায়াধীশ আৰু ন্যায়িক দণ্ডাধীশ নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে ৷
ছিকিম উচ্চ ন্যায়ালয়ৰ (Sikkim High Court) নিযুক্তি ২০২২ - ন্যায়িক দণ্ডাধীশৰ পদ খালী
Published on

ছিকিম উচ্চ ন্যায়ালয়ে অসামৰিক ন্যায়াধীশ আৰু ন্যায়িক দণ্ডাধীশ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, খালী পদৰ সংখ্যা, বয়সৰ সীমা আদিৰ তথ্য তলত উল্লেখ কৰা হ'লঃ

পদৰ নাম

ন্যায়াধীশ আৰু ন্যায়িক দণ্ডাধীশ

খালী পদ

৪ টা

দৰমহা

মাহিলী ২৭, ৭০০ টকাৰ পৰা ৪৪, ৭০০ টকা

বয়স

৩৫ বছৰ

চাকৰিৰ অৱস্থান

গেংটক , ছিকিম

অন্তিম তাৰিখ

১০-০৬-২০২২

আৱেদন মাচুল

৬০০ টকা

আবেদন মাচুল জমা দিয়াৰ পদ্ধতিঃ ডিমাণ্ড ড্ৰাফট

শিক্ষাগত অৰ্হতাঃ

স্বীকৃতিপ্ৰাপ্ত ব'ৰ্ড অথবা বিশ্ববিদ্যালয়ৰ অধীনত আইনৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব।

বাছনি প্ৰক্ৰিয়াঃ

লিখিত পৰীক্ষা, সাক্ষাৎকাৰ।

আবেদনৰ নিয়মঃ

অনুমোদিত প্ৰ-পত্ৰযোগে প্ৰাৰ্থীসকলে আবেদন জনাব পাৰিব। আবেদন পত্ৰ উক্ত উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক প্ৰধানলৈ প্ৰেৰণ কৰিব লাগিব।

ছিকিম উচ্চ ন্যায়ালয়ৰ বিষয়েঃ

ছিকিম উচ্চ ন্যায়ালয় হৈছে ছিকিম ৰাজ্যৰ উচ্চ ন্যায়ালয়। এই উচ্চ ন্যায়ালয়ৰ ইতিহাস ১৯৫৫-ত আৰম্ভ হয়। এই উচ্চ ন্যায়ালয়ৰ পীঠ গেংটকত আছে। ছিকিম উচ্চ ন্যায়ালয় হৈছে দেশৰ সবাতোকৈ সৰু উচ্চ ন্যায়ালয়। এই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাথোঁ তিনিজনহে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com