Begin typing your search above and press return to search.

কৃষি বীমা কোম্পানী লিমিটেডত মেনেজমেণ্ট ট্ৰেইনী-হিন্দী বিষয়াৰ পদ খালী

আগ্ৰহী প্ৰাৰ্থীসকলে অনলাইনযোগে আবেদন জনাব পাৰে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

কৃষি বীমা কোম্পানী লিমিটেডত মেনেজমেণ্ট ট্ৰেইনী-হিন্দী বিষয়াৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Nov 2021 9:55 AM GMT


কৃষি বীমা কোম্পানী লিমিটেড ( Agriculture Insurance Company (AIC) of India Limited)- এ মেনেজমেণ্ট ট্ৰেইনী আৰু হিন্দী বিষযাৰ ৩১ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদসমূহঃ

মেনেজমেণ্ট ট্ৰেইনীঃ

খালী পদৰ সংখ্যাঃ ৩০টা। শাখাসমূহঃ

# কৃষি বিজ্ঞান,

# তথ্য-প্ৰযুক্তি

# আইন

# একাউণ্টছ।

শিক্ষাগত অৰ্হতাঃ # কৃষি বিজ্ঞানৰ ক্ষেত্ৰত প্ৰাৰ্থী ন্যূনতম ৬০ শতাংশ নম্বৰসহ বি এছ চি (কৃষি)/ বি এছ চি (উদ্যানশস্য)/ কৃষি অভিযান্ত্ৰিকৰ বি ই ./ বি টেক হব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ শতাংশ নম্বৰ ৰেহাই পাব।

# তথ্য-প্ৰযুক্তি: প্ৰাৰ্থী ন্যূনতম ৬০ শতাংশ নম্বৰসহ বি ই বা বি টেক (কম্পিউটাৰ ছায়েন্স বা তথ্য-প্ৰযুক্তি)/ এম চি এ হব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ শতাংশ নম্বৰ ৰেহাই পাব।

# আইন: আইনৰ ক্ষেত্ৰত প্ৰাৰ্থী ৬০ শতাংশ নম্বৰসহ আইনৰ স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ শতাংশ নম্বৰ ৰেহাই পাব।

# একাউণ্টছঃ ৬০ শতাংশ নম্বৰসহ বি কম ডিগ্ৰীধাৰী। বা ৬০ শতাংশ নম্বৰসহ এম কম ডিগ্ৰীধাৰী হব লাগিব। নতুবা চাৰ্টাৰ্ড একাউণ্টেণ্ট বা কোম্পানী ছেক্ৰেটাৰী হব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ শতাংশ নম্বৰ ৰেহাই পাব।


হিন্দী বিষয়াঃ

খালী পদৰ সংখ্যা: ১ টা।


শিক্ষাগত অৰ্হতাঃ

# ন্যূনতম ৬০ শতাংশ নম্বৰসহ হিন্দীত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ শতাংশ নম্বৰ ৰেহাই পাব। অথবা ইংৰাজীত ৬০ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী। এই ক্ষেত্ৰত প্ৰাথীয়ে স্নাতক পৰ্যায়ত হিন্দী এটা বিষয়ৰূপে অধ্যয়ন কৰা হব লাগিব। নাইবা ৬০ শতাংশ নম্বৰসহ সংস্কৃতৰ স্নাতকোত্তৰ ডিগ্ৰী। এই ক্ষেত্ৰত প্ৰাথীয়ে স্নাতক পৰ্যায়ত হিন্দী আৰু ইংৰাজী বিষয়ৰূপে অধ্যয়ন কৰা হব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ শতাংশ নম্বৰ ৰেহাই পাব।

বয়সৰ সীমাঃ ০১- ১১-২০২১-ত প্ৰাৰ্থীৰ বয়স ২১ ৰ পৰা ৩০ বছৰৰ ভিতৰত হব লাগিব। .

বয়স ৰেহাই: নিম্নোক্ত ধৰণেৰে

#এছ চি- এছ টিঃ ৫ বছৰ।

# অ বি চি: ৩ বছৰ।

# বিশেষভাবে সক্ষম: ১০ বছৰ।

আবেদনৰ মাচুল:

# এছ চি /এছ টি /বিশেষভাবে সক্ষমঃ ২০০ টকা।

# অন্যান্য: ১০০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৩-১২-২০২১।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।




Next Story
চাকৰি