Begin typing your search above and press return to search.

ছাউথ এছিয়ান বিশ্ববিদ্যালয়ত ক্লিনিকেল চাইকোলজিষ্ট নিযুক্তি

ছাউথ এছিয়ান বিশ্ববিদ্যালয়ে ক্লিনিকেল চাইকোলজিষ্ট নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে ৷

ছাউথ এছিয়ান বিশ্ববিদ্যালয়ত ক্লিনিকেল চাইকোলজিষ্ট নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Jan 2022 9:47 AM GMT

ছাউথ এছিয়ান ইউনিৰ্ভাছিটীৰ বিষয়েঃ

ছাউথ এছিয়ান ইউনিৰ্ভাৰছিটী হৈছে দক্ষিণ এছিয়া আন্তঃমাণ্ডলিক সহযোগিতা সংস্থা ( ছাৰ্ক)-ৰ আঠখন দেশৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত এখন আন্তৰ্জাতিক বিশ্ববিদ্যালয় ৷ এই ৮ খন দেশ হৈছেঃ ভাৰত, নেপাল, পাকিস্তান, আফগানিস্তান, বাংলাদেশ, ভূটান, মালদ্বীপ আৰু শ্ৰীলংকা ৷ ২০১০ত ছাউথ এছিয়ান ইউনিৰ্ভাৰচিটীয়ে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি আৰম্ভ কৰে ৷ তেতিয়া বিশ্ববিদ্যালয়খনে ইয়াৰ আকবৰ ভৱনস্থিত অস্থায়ী ভৱনত শিক্ষাদান আৰম্ভ কৰে। ইয়াৰ স্থায়ী ভৱন দক্ষিণ দিল্লীৰ ময়দান গ্ৰাহীত স্থাপন কৰা হ'ব ৷

দুটা স্নাতকোত্তৰ পাঠ্যক্ৰমৰে ২০১০ৰ আগষ্টত এই বিশ্ববিদ্যালয়ৰ প্ৰথম শৈক্ষিক পাঠ্যক্ৰম আৰম্ভ হয় ৷

২০১৪-ৰ পৰা এই বিশ্ববিদ্যালয়ে প্ৰায়োগিক গণিত, জীৱ-প্ৰযুক্তিবিদ্যা, কম্পিউটাৰ ছায়েন্স, উন্নয়নশীল অৰ্থনীতি, আন্তৰ্জাতিক সম্পৰ্ক, আইন আৰু সমাজশাস্ত্ৰত স্নাতকোত্তৰ, এম ফিল/পি এইচ ডি শিক্ষা আগবঢ়াবলৈ লয় ৷ ছাৰ্কৰ সদস্য ৰাষ্ট্ৰ আঠখন দেশৰ মাজত স্বাক্ষৰিত চুক্তি অনুসৰি এই বিশ্ববিদ্যালয়ৰ ডিগ্ৰীসমূহক আটাইকেইখন দেশে স্বীকৃতি প্ৰদান কৰিছে ৷ছাউথ এছিয়ান বিশ্ববিদ্যালয়ত ঘাইকৈ ছাৰ্কৰ সদস্য ৰাষ্ট্ৰকেইখনৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে ৷ অৱশ্যে আন মহাদেশৰ ছাত্ৰ-ছাত্ৰীও এই বিশ্ববিদ্যালয়লৈ অধ্যয়নৰ বাবে আহে ৷

ছাউথ এছিয়ান বিশ্ববিদ্যালয়ত নিযুক্তি-২০২২ঃ

ছাউথ এছিয়ান বিশ্ববিদ্যালয়ে ক্লিনিকেল চাইকোলজিষ্ট নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে ৷ আগ্ৰহী প্ৰাৰ্থীসকলে তলত এই পদৰ সবিশেষ তথা শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ বিষয়ে চাব পাৰে ৷

আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

পদৰ নাম

ক্লিনিকেল ছাইকোলজিষ্ট।

খালী পদ

নিৰ্দিষ্টকৈ উল্লেখ নাই।

দৰমহা

প্ৰতিটো ভিজিটত ২,২০০ টকা।

নিযুক্তিৰ স্থান

দিল্লী, নতুন দিল্লী।

আবেদনৰ মাছুল

নাই।

দৰমহা

প্ৰতিটো ভিজিটত ২,২০০ টকা।

অন্তিম তাৰিখ

১৪ ফেব্ৰুৱাৰী, ২০২২।

বয়সৰ সীমা

অনলাইন আবেদন গ্ৰহণৰ শেষ তাৰিখত সৰ্বোচ্চ ৩২ বছৰ।

শিক্ষাগত অৰ্হতা:

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা বোৰ্ডৰ পৰা মনোবিজ্ঞান/ ক্লিনিকেল ছাইকোলজীৰ এম এ আৰু এম ফিল হব লাগিব।


অভিজ্ঞতাৰ বিশদঃ

কনছালটেন্সীত প্ৰাৰ্থীৰ ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। ইয়াৰে অন্ততঃ ১ বছৰ বিশ্ববিদ্যালয় বা উচ্চ শিক্ষানুষ্ঠানত হব লাগিব।

আবেদনৰ নিয়মঃ

অনুমোদিত প্ৰ-পত্ৰত আবেদন Registrar, South Asian University, Akbar Bhawan, Chanakyapuri, New Delhi-110021-লৈ প্ৰেৰণ কৰিব পাৰে। অথবা registrar@sau.int-লৈ আবেদন প্ৰেৰণ কৰিব পাৰে।


আৰু চাব পাৰে :IIEST নিযুক্তি ২০২২ - জুনিয়ৰ ৰিচাৰ্চ ফেলো পদখালী


Next Story
চাকৰি