দক্ষিণ শালমাৰা মানকাচৰ জিলা উপায়ুক্ত কাৰ্যালয়ত পিয়ন-জাৰিকাৰকৰ পদ খালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
দক্ষিণ শালমাৰা মানকাচৰ জিলা উপায়ুক্ত কাৰ্যালয়ত পিয়ন-জাৰিকাৰকৰ পদ খালী
Published on

দক্ষিণ শালমাৰা মানকাচৰ জিলা ঃ এই জিলা হৈছে অসমৰ এখন প্ৰশাসনিক জিলা। জিলাখনৰ সদৰ গুৱাহাটীৰ পৰা প্ৰায় ২৪৫ কিলোমিটাৰ দূৰৈত হাটশিঙীমাৰীত অৱস্থিত। পূৰ্বে দক্ষিণ শালমাৰা ধুবুৰী জিলাৰ এটা মহকুমা আছিল। দক্ষিণ শালমাৰাৰ উপায়ুক্ত কাৰ্যালয়ে জাৰিকাৰক আৰু পিয়ন নিযুক্তিৰ বাবে চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীয়ে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে। 

২০১৫ ৰ ১৫ আগষ্টত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পাঁচখন নতুন প্ৰশাসনিক জিলাৰ কথা ঘোষণা কৰে। এই পাঁচখন জিলাৰ অন্যতম হৈছে দক্ষিণ শালমাৰা মানকাচৰ জিলা। ২০১৬ৰ ৯ ফেব্ৰুৱাৰীত তেতিয়াৰ নামনি অসম আৰু মধ্য অসম মণ্ডলৰ আয়ুক্ত মেহতাবুদ্দিন আহমেদে 

দক্ষিণ শালমাৰাৰ উপায়ুক্ত কাৰ্যালয়ে ৯ টা জাৰিকাৰক আৰু পিয়ন পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। প্ৰশাসনিক জিলাৰূপে  দক্মাষিণ শালমাৰা মানকাচৰ জিলা উদ্বোধন কৰে।  

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম

জাৰিকাৰক আৰু পিয়ন। 

চাকৰিৰ স্থান

দক্ষিণ শালমাৰা। 

খালী পদ

জাৰিকাৰকৰ দুটা। পিয়নৰ সাতটা। 

দৰমহা

১২ হেজাৰ টকাৰ পৰা ৫২ হেজাৰ টকাৰ লগতে ৪ হেজাৰ টকাৰ গ্ৰেড পে। 

বয়সৰ সীমা

০১-০১-২০২১ত ১৮ ৰ পৰা ৪০ বছৰ। 

ৱেবছাইট

https://southsalmaramankachar.assam.gov.in/।

শিক্ষাগত অৰ্হতা 

প্ৰাৰ্থী ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ হব লাগিব।  তদুপৰি বৈধ আৰু ম্যাদ থকা নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়নৰ প্ৰমাণ পত্ৰ থাকিব লাগিব। প্ৰাৰ্থী ভাৰতীয় নাগৰিক হব লাগিব। 

আবেদনৰ প্ৰক্ৰিয়া

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে https://southsalmaramankachar.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে আবেদন জনাব পাৰে। 

বাছনি প্ৰক্ৰিয়া

সাক্ষাৎকাৰৰ ওপৰত আধাৰিত হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com