Begin typing your search above and press return to search.

দক্ষিণ পশ্চিম ৰেলৱেত চিকিত্সক, আন পদ খালী

দক্ষিণ পশ্চিম ৰেলৱেই চিকিত্সক, ষ্টাফ নাৰ্ছ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য চাব পাৰেঃ

দক্ষিণ পশ্চিম ৰেলৱেত চিকিত্সক, আন পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Jan 2022 11:19 AM GMT

দক্ষিণ পশ্চিম ৰেলৱেৰ বিষয়েঃ

দক্ষিণ মধ্য ৰেলৱেৰ হুবলী সংমণ্ডল আৰু দক্ষিণ ৰেলৱেৰ বাংগালুৰু আৰু মহীশূৰক লৈ দক্ষিণ পশ্চিম ৰেলৱে গঠন কৰা হৈছে। ইয়ে ২০০৩ৰ এপ্ৰিলৰ পৰা কাৰ্য-সম্পাদন কৰি আহিছে। ইয়াৰ মুখ্য কাৰ্যালয় কৰ্ণাটকৰ হুৱলীত অৱস্থিত। এই ৰেলৱে ৩ টা সংমণ্ডল ক্ৰমে হুবলী, বাংগালুৰু আৰু মহীশূৰৰে গঠিত। ইয়ে মূলত কৰ্ণাটকৰ প্ৰতি সেৱা যোগান ধৰে। কাৰণ ইয়াৰ ৮৪ শতাংশ ক্ষেত্ৰাধিকাৰ কৰ্ণাটকত অৱস্থিত। বাকী ১৬ শতাংশ ক্ষেত্ৰাধিকাৰ অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, গোৱা আৰু মহাৰাষ্ট্ৰত অৱস্থিত।


দক্ষিণ পশ্চিম ৰেলৱেৰ নিযুক্তি-২০২২ঃ

দক্ষিণ পশ্চিম ৰেলৱেই চিকিত্সক, ষ্টাফ নাৰ্ছ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য চাব পাৰেঃ


প্ৰাৰ্থীসকলে পদ, চাকৰিৰ স্থান, বয়সৰ সীমা, দৰমহাৰ সকলো চাকৰিৰ বিৱৰণ তলত চাব পাৰে:-

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

চিকিত্সক, ষ্টাফ নাৰ্ছ।

পদৰ সংখ্যা

১৮ টা।

দৰমহা

মাহিলী ২৯,০০০ টকাৰ পৰা ৯৫ হেজাৰ টকা।

চাকৰিৰ স্থান

বাংগালুৰু।

বয়সৰ সীমা

১ জানুৱাৰী, ২০২২-ত ২০-ৰ পৰা ৬৫ বছৰ।

অন্তিম তাৰিখ

৫ ফেব্ৰুৱাৰী, ২০২২।

ৱেবছাইট

swr.indianrailways.gov.in


শিক্ষাগত অৰ্হতাঃ

চিকিত্সক (ফিজিচিয়ান)ঃ এম ডি, এম বি বি এছ।

চিকিত্সক ( জি ডি এম ও)ঃ এম বি বি এছ।

ষ্টাফ নাৰ্ছ ঃ বি এছ চি (নাৰ্ছিং)

লেবোৰেটৰী টেকনিচিয়ানঃ দ্বাদশ, ডি এম এল টি।

ফাৰ্মাচিষ্টঃ দ্বাদশ, ডিপ্লমা, ফাৰ্মাচীৰ ডিগ্ৰী, বি ফাৰ্মা।

অভিজ্ঞতাঃ লেবোৰেটৰী টেকনিচিয়ানৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ পৰীক্ষাগাৰত কাম কৰাৰ ন্যূনতম দুবছৰৰ অভিজ্ঞতা থাকিব লাগিব।


পদৰ সবিশেষঃ

চিকিত্সক (ফিজিচিয়ান)ঃ ১টা।

চিকিত্সক ( জি ডি এম ও)ঃ ৬টা।

ষ্টাফ নাৰ্ছ ঃ ৮টা।

লেবৰেটৰী টেকনিচিয়ানঃ ২টা।

ফাৰ্মাচিষ্টঃ ১টা।

আবেদনৰ নিয়মঃ

প্ৰথমে অফিচিয়েল ৱেবছাইট swr.indianrailways.gov.in- চাওক আৰু

আপুনি আবেদন কৰিব লগা নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক।

চাকৰিৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক।

আবেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক। যদি আপুনি যোগ্য, কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু অন্তিম তাৰিখৰ (৫ ফেব্ৰুৱাৰী-২০২২) ভিতৰত আবেদন পত্ৰ দাখিল কৰক।

ভৱিষ্যতৰ প্ৰসংগৰ বাবে আবেদন পত্ৰ নম্বৰ/কুৰিয়াৰ স্বীকৃতি নম্বৰ সংগ্ৰহ কৰক।






আৰু চাব পাৰে : শ্বিলং কমাৰ্চ কলেজ নিযুক্তি ২০২২: সহকাৰী অধ্যাপকৰ খালী পদ

Next Story
চাকৰি