Begin typing your search above and press return to search.

কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীসমূহত কনিষ্টবল নিযুক্তিৰ বাবে আবেদন আহ্বান

পদৰ বিবৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীসমূহত কনিষ্টবল নিযুক্তিৰ বাবে আবেদন আহ্বান

RaktimBy : Raktim

  |  28 Aug 2021 12:00 PM GMT

ষ্টাফ ছিলেকচন কমিছন (এছএছচি)-এ সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ), কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ), ভাৰত তিব্বতী সীমান্ত আৰক্ষী (আইটিবিপি), সশস্ত্ৰ সীমা বল (এছএছবি), সচিবালয় সুৰক্ষা বাহিনী (এছএছএফ) আৰু অসম ৰাইফলছত নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। পদৰ বিবৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

পদৰ নাম- কনিষ্টবল (জি ডি) ।

খালী পদ-২৫,২৭১টা ।

বয়সৰ সীমাঃ ১৮-২৩ বছৰ(০১.০৮.২০২১ তাৰিখত)।

প্ৰাৰ্থীসকলৰ জন্ম ০২.০৮.১৯৯৮ৰ আগতে জন্ম হোৱা হ'ব নালাগিব আৰু ০১.০৮.২০০৩-ৰ পিছত হ'ব নালাগিব ।

দৰমহা (দৰমহা স্তৰ-৩)- (২১৭০০-৬৯১০০ টকা)

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ৩১/০৮/২০২১ ।

নিযুক্তিৰ স্থান-সমগ্ৰ ভাৰতত ।

অনলাইন আবেদনৰ মাচুল- অনুসূচিত জাতি/ অনুসূচিত জনজাতি/ ইএছএম/ৰ আৰু মহিলা প্ৰাৰ্থীয়ে মাচুল পৰিশোধ কৰিব নালাগে । অন্যান্য: ১০০/- টকা ।

পৰিশোধ প্ৰক্ৰিয়া: ভীম ইউপিআই, নেট বেঙ্কিং, ভিছা, মাষ্টাৰকাৰ্ড, মাষ্টাৰকাৰ্ড, ৰুপে ক্ৰেডিট বা ডেবিট কাৰ্ড ব্যৱহাৰ কৰি বা এছবিআই শাখাত নগদ ধনৰ জৰিয়তে এছবিআই চালান ।

ৱেবচাইট-https://ssc.nic.in/

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীসকলে স্বীকৃত বোৰ্ড/ বিশ্ববিদ্যালয়ৰ পৰা মেট্ৰিক বা দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। প্ৰাৰ্থী ভাৰতৰ নাগৰিক হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলক আবেদন কৰিবলৈ অফিচিয়েল এছএছচি নিযুক্তি পৰ্টেললৈ গৈ অনলাইন মোডৰ জৰিয়তে এই খালী পদবোৰৰ বাবে অনলাইন আবেদন কৰিব পাৰে।

বাছনি প্ৰক্ৰিয়া-বাছনি প্ৰক্ৰিয়াটো কম্পিউটাৰ আধাৰিত পৰীক্ষা, শাৰীৰিক দক্ষতা পৰীক্ষা, শাৰীৰিক মানক পৰীক্ষা, স্বাস্থ্য পৰীক্ষা, নথিপত্ৰ প্ৰমাণীকৰণৰ ওপৰত আধাৰিত হ'ব।

Next Story
চাকৰি