টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সত পদ খালী
টাটা ইনষ্টিটিউট অৱ ছোচিয়েল ছায়েন্সত কৰ্মসূচী সমন্বয়ক আৰু গৱেষণা বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

টাটা ইনষ্টিটিউট অৱ ছ'ছিয়েল ছায়েন্স :
টাটা ইনষ্টিটিউট অৱ ছ'ছিয়েল ছায়েন্স (TISS) ১৯৩৬চনত চাৰ সৌৰাবজী টাটা গ্ৰেজুৱেট স্কুল অৱ চছিয়েল চায়েন্স নামেৰে স্থাপন কৰা হয়। ১৯৪৪ চনত এই টাটা ইনষ্টিটিউট অৱ ছ'ছিয়েল ছায়েন্স নামেৰে পুনঃনামাকৰণ কৰা হয়।
১৯৬৪ চনত এই অনুষ্ঠানক বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) ১৯৫৬ৰ খণ্ড ৩ৰ অধীনত মহাবিদ্যালয় হিচাপে নিযুক্তি প্ৰদান কৰা হয়। এই অনুষ্ঠানৰ মূলমন্ত্ৰ উন্নত মানদণ্ডৰ উচ্চ শিক্ষা প্ৰদান কৰা, যিয়ে সমাজৰ গতানুগতিকভাবে সলনি হোৱা নিয়মাৱলীৰ সৈতে জ্ঞান আৰু উন্নয়ন যোগে, মানুহ কেন্দ্ৰীক, পৰিস্থিতি অনুযায়ী ধাৰণক্ষম আৰু মৰ্যদা, সমান্তৰাল, সামাজিক ন্যায় আৰু মানুহৰ হতে মাত মাতিবলৈ সামৰ্থ্য প্ৰদান কৰিব।
আৰম্ভণিৰে পৰা উচ্চ শিক্ষাৰ ক্ষেত্ৰত টি আই এছ এছে উতকৰ্ষতাৰ কেন্দ্ৰৰূপে চিহ্নিত হৈ আহিছে। জ্ঞানৰ সংবৰ্ধনৰ ক্ষেত্ৰত এই প্ৰতিষ্ঠানে অগ্ৰণী ভূমিকা পালন কৰি আহিছে।
টাটা ইনষ্টিটিউট অৱ ছ'ছিয়েল ছায়েন্সত নিযুক্তি ২০২২ঃ
টাটা ইনষ্টিটিউট অৱ ছোচিয়েল ছায়েন্সত কৰ্মসূচী সমন্বয়ক আৰু গৱেষণা বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:
পদৰ নাম | কৰ্মসূচী সমন্বয়ক আৰু গৱেষণা বিষয়া |
খালী পদ | ৪ টা। |
দৰমহা | মাহিলী ২৫ হেজাৰ টকাৰ পৰা ৫৬ হেজাৰ টকা। |
চাকৰিৰ স্থান | মুম্বাই (মহাৰাষ্ট্ৰ)। |
বয়সৰ সীমা | তথ্য উপলব্ধ নহয়। |
আবেদনৰ মাছুল | তথ্য উপলব্ধ নহয়। |
বাছনি প্ৰক্ৰিয়া | সাক্ষাৎকাৰ |
অন্তিম তাৰিখ | ১২ জানুৱাৰী,২০২২ |
ই-মেইল | simha.rimc@gmail.com |
শিক্ষাগত অৰ্হতা :
কৰ্মসূচী সমম্বয়কঃ এম ফিল/পি এইচ ডি।
গৱেষণা বিষয়াঃ স্নাতকোত্তৰ ডিগ্ৰী।
কৰ্মসূচী প্ৰশাসনিক কৰ্মচাৰীঃ স্নাতক।
অভিজ্ঞতাঃ
কৰ্মসূচী সমম্বয়কঃ স্কুল বা কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
গৱেষণা বিষয়াঃ প্ৰাৰ্থীৰ কণ্টেণ্ট ডেভেলপমেণ্ট, কৰ্মশালা পৰিচালনা আদিৰ কামৰ অভিজ্ঞতা থাকিব লাগিব।
আবেদন simha.rimc@gmail.com-লৈ প্ৰেৰণ কৰিব পাৰে।
আৰু চাব পাৰে :RRC উত্তৰ ৰেলৱে নিযুক্তি ২০২২: ক্ৰীড়া কোটা খালী পদ