টেৰিটৰিয়েল আৰ্মীত নিযুক্তি, বিষয়াৰ পদ খালী

টেৰিটৰিয়েল আৰ্মীয়ে এটা বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে শেহতীয়াকৈ চাকৰিৰ অধিসূচনা প্ৰকাশ কৰিছে।
টেৰিটৰিয়েল আৰ্মীত নিযুক্তি, বিষয়াৰ পদ খালী
Published on: 

টেৰিটৰিয়েল আৰ্মীয়ে এটা বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে শেহতীয়াকৈ চাকৰিৰ অধিসূচনা প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে অন্তিম তাৰিখৰ আগতে আবেদন কৰিব পাৰে। টেৰিটৰিয়েল আৰ্মীৰ চাকৰিৰ খালী পদ ২০২১ ৰ বিষয়ে অধিক জানক ।

পদ নাম - বিষয়া পদ

খালী পদৰ সংখ্যাঃ ১টা ।

নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।

দৰমহা-মাহিলি ৫৬,১০০-১,৭৭,৫০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখ -১৯/০৮/২০২১ ।

বয়সৰ সীমাঃ ১৮-৪২ বছৰ ।

টেৰিটৰিয়েল আৰ্মি চাকৰিৰ খালী পদৰ বাবে শিক্ষাগত অৰ্হতা:

টেৰিটৰিয়েল আৰ্মী বিষয়া পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীসকল যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব ।

টেৰিটৰিয়েল আৰ্মীৰ চাকৰিৰ বাবে কেনেদৰে আবেদন কৰিব:

আগ্ৰহী আৰু সকলো যোগ্যতাপূৰ্ণ প্ৰাৰ্থীয়ে ১৯ আগষ্ট ২০২১ তাৰিখে বা তাৰ আগতে অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰে। প্ৰাৰ্থীসকলে ২০০/- টকা (কেৱল দুশ টকা) মাচুল জমা দিব লাগিব। প্ৰাৰ্থীসকলে মন কৰিব যে পৰীক্ষা মাচুল পৰিশোধ কেৱল ৱেবছাইটত নিৰ্ধাৰিত পদ্ধতিৰ জৰিয়তেহে জমা দিব পাৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com