Begin typing your search above and press return to search.

বন্ধৰ সময় কটাবলৈ যাওঁতে লাৰা দত্তই লগত নিয়া ফটোগ্ৰাফাৰজন কোন জানেনে ?

ইয়াৰে কিছুসংখ্যক ফটোত পত্নী-কন্যাৰ সৈতে ভূপাটিকো দেখা যায়। কিন্তু কিছুমান ফটোত নেদেখি।

বন্ধৰ সময় কটাবলৈ যাওঁতে লাৰা দত্তই লগত নিয়া ফটোগ্ৰাফাৰজন কোন জানেনে ?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Sep 2021 6:18 AM GMT

অভিনেত্ৰী লাৰা দত্ত আৰু টেনিছ তাৰকা মহেশ ভূপাতিৰ সংসাৰ সুখৰ। দুয়ো ২০১১ত বিবাহপাশত আবদ্ধ হয়। দুয়োৰে এগৰাকী কন্য আছে। তেওঁৰ নাম ছাইৰা। আন বহু চহকী দম্পত্তীৰ লেখীয়াকৈ লাৰা আৰু ভূপাতিয়েও সময়ে সময়ে বন্ধৰ দিন উপভোগ কৰিবলৈ যায়। ইয়াৰ ফটো ছোচিয়েল মিডিয়াত প্ৰায়ে দেখা যায়।

লাৰাই বন্ধৰ দিন বা কাম নথকা সময়ছোৱা উপভোগ কৰিবলৈ যাওঁতে দুজন ব্যক্তিক লগত নিয়ে। ইয়াৰে এজন হৈছে তেওঁৰ কনমানি কন্যা ছাইৰা। আনজন হৈছে এজন ফটোগ্ৰাফাৰ। এই ফটোগ্ৰাফাৰজনেই সাধাৰণতে বন্ধৰ দিন উপভোগ কৰি থকা লাৰা আৰু তেওঁৰ কন্যাৰ বিভিন্ন প'জৰ ফটো তোলে। ইয়াৰে কিছুসংখ্যক ফটোত পত্নী-কন্যাৰ সৈতে ভূপাটিকো দেখা যায়। কিন্তু কিছুমান ফটোত নেদেখি। ইয়াৰ কাৰণ হৈছে তেনে ফটো ভূপাতিয়ে তোলে। এতিয়া নিশ্চয় আপুনি বুজিব পাৰিছে লাৰাই লগত নিয়া ফটোগ্ৰাফাৰজন কোন ? তেওঁ হৈছে স্বয়ং লাৰাৰ স্বামী ভূপাতি।


লাৰাই মঙলবাৰেও ইনষ্টাগ্ৰামত কন্যা ছাইৰাৰ সৈতে নিজৰ এখন আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰে। তেওঁ শিৰোনামটোত এজন 'ফটোগ্ৰাফাৰ'ৰ কথাও উল্লেখ কৰে।

ছবিখনত দুয়োজনে এটা জলাশয়ৰ কাষত থিয় হৈ থকা যেন লাগিছে।

Next Story
চাকৰি