টাটা ইনষ্টিটিউটত অৱ ছ'চিয়েল ছায়েন্সেছ নিযুক্তি ২০২২ - কাৰ্যবাহীৰ পদখালী

টাটা ইনষ্টিটিউটত অৱ ছ’চিয়েল ছায়েন্সেছে কাৰ্যবাহী ( লীড এক্সিকিউটিভ) নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
টাটা ইনষ্টিটিউটত অৱ ছ'চিয়েল ছায়েন্সেছ নিযুক্তি ২০২২ - কাৰ্যবাহীৰ পদখালী

টাটা ইনষ্টিটিউটত অৱ ছ'চিয়েল ছায়েন্সেছে লীড এক্সিকিউটিভৰ পদ খালী হোৱা বুলি জাননী প্ৰকাশ কৰিছে । তলত এই বিষয়ে সবিশেষ তথ্য পাবঃ

টাটা ইনষ্টিটিউটত অৱ ছ'চিয়েল ছায়েন্সেছত নিযুক্তি-২০২২ঃ

টাটা ইনষ্টিটিউটত অৱ ছ'চিয়েল ছায়েন্সেছ (টি আই এছ এছ)-এ শেহতীয়াভাৱে লীড এক্সিকিউটিভ নিযুক্তিৰ বাবে জাননী প্ৰকাশ কৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, খালী পদৰ সংখ্যা, দৰমহা, বয়সৰ সীমা আদিৰ তথ্য তলত পাবঃ

পদৰ নাম

লীড এক্সিকিউটিভ

খালী পদ

১টা

দৰমহা

মাহিলী ৩০ হেজাৰ টকা

চাকৰিৰ অৱস্থান

মুম্বাই

অন্তিম তাৰিখ

১৪-১০-২০২২

অফিচিয়েল ৱেবছাইট

http://tiss.edu/

শিক্ষাগত অৰ্হতাঃ টি আই এছ এছৰ জাননী অনুসৰি প্ৰাৰ্থী স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ অনলাইন ৷

আবেদনৰ নিয়মঃ

আগ্ৰহী তথা অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে tiss.edu-ৰ পৰা আবেদন জনাব পাৰে।

টি আই এছ এছ-ৰ বিষয়েঃ ১৯৩৬-ত টি আই এছ এছ প্ৰতিষ্ঠা কৰা হয়। তেতিয়া এই প্ৰতিষ্ঠানৰ নাম ছাৰ ডোৰাবজী টাটা গ্ৰেজুৱেট স্কুল অৱ ছ'চিয়েল ছায়েন্সেছ আছিল। ১৯৪৪-ত ইয়াৰ নাম টাটা ইনষ্টিটিউটত অৱ ছ'চিয়েল ছায়েন্সেছ কৰা হয়। ১৯৬৪-ৰ বছৰটো এই প্ৰতিষ্ঠানৰ ইতিহাসত এটা উল্লেখনীয় বৰ্ষ। কাৰণ উক্ত বছৰ এই প্ৰতিষ্ঠানে নিজকে বিশ্ববিদ্যালয় অনুদান আয়োগ আইন, ১৯৫৬-ৰ ৩ নম্বৰ ধাৰাৰ অধীনত ডীমড বিশ্ববিদ্যালয়ৰূপে ঘোষণা কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com