TRAI নিযুক্তি-২০২২ - জ্যেষ্ঠ গৱেষণা বিষয়াৰ পদ খালী

টেলিকম ৰেগুলেটৰী অথৰিটী অৱ ইণ্ডিয়া (TRAI)-ই জ্যেষ্ঠ গৱেষণা বিষয়া নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলৰ পৰা আবেদন বিচাৰিছে। ইচ্ছ্যুক অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে আবেদন জনাব পাৰে।
TRAI নিযুক্তি-২০২২ - জ্যেষ্ঠ গৱেষণা বিষয়াৰ পদ খালী

টেলিকম ৰেগুলেটৰী অথৰিটী অৱ ইণ্ডিয়াই জ্যেষ্ঠ গৱেষণা বিষয়া নিযুক্তিৰ বাবে শেহতীয়াভাৱে জাননী প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত পোৱাকৈ আবেদন জনাব পাৰে।

টেলিকম ৰেগুলেটৰী অথৰিটী অৱ ইণ্ডিয়াৰ নিযুক্তি-২০২২ঃ

টেলিকম ৰেগুলেটৰী অথৰিটী অৱ ইণ্ডিয়াই শেহতীয়াকৈ জ্যেষ্ঠ গৱেষণা বিষয়া নিযুক্তিৰ বাবে জাননী প্ৰকাশ কৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, খালী পদৰ সংখ্যা, দৰমহা, বয়সৰ সীমা আদিৰ তথ্য তলত পাবঃ

পদৰ নাম

জ্যেষ্ঠ গৱেষণা বিষয়া

খালী পদ

নিৰ্দিষ্টকৈ উল্লেখ নাই

বয়সৰ সীমা

তথ্য উল্লেখ নাই

দৰমহা

মাহিলী ৬৭,৭০০ টকাৰ পৰা ২, ০৮, ৭০০ টকা

চাকৰিৰ অৱস্থান

সমগ্ৰ ভাৰতত

অন্তিম তাৰিখ

১০-১১-২০২২

ৱেবছাইটঃ

http://trai.gov.in/

শিক্ষাগত অৰ্হতাঃ যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি/বাণিজ্য/বিজনেছ এডমিনিষ্ট্ৰেচন/অভিযান্ত্ৰিক/আইন/ বিজ্ঞান/কলাৰ স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব। অথবা ইনষ্টিটিউটত অৱ চাৰ্টাৰ্ড একাউনটেণ্টছ অৱ ইণ্ডিয়া/ ইনষ্টিটিউটত অৱ ক'স্ত এণ্ড ৱৰ্কছ একাউনটেণ্টচ অৱ ইণ্ডিয়াৰ সদস্যপদ থাকিব লাগিব ৷ সংশ্লিষ্ট ক্ষেত্ৰত প্ৰাৰ্থীৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ নিয়মঃ

আগ্ৰহী তথা অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে www.trai.gov.in-ৰ পৰা আবেদন জনাব পাৰিব ৷

প্ৰাৰ্থী বাচনি প্ৰক্ৰিয়াঃ

ডেপুটেচন ভিত্তিত প্ৰাৰ্থী নিযুক্তি দিয়া হ'ব।

TRAI-ৰ বিষয়েঃ

টেলিকম ৰেগুলেটৰী অথৰিটী অৱ ইণ্ডিয়া আইন, ১৯৯৭-ৰ ৩ নম্বৰ ধাৰা অনুসৰি ভাৰত চৰকাৰে টেলিকম ৰেগুলেটৰী অথৰিটী অৱ ইণ্ডিয়া স্থাপন কৰে । ই হৈছে ভাৰতত টেলিকমিউনিকেচন খণ্ডৰ নিয়ন্ত্ৰক ৷ ই এজন অধ্যক্ষ আৰু দুজন পূৰ্ণকালীন আৰু দুজন অংশকালীন সদস্যৰে গঠিত।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com