গুৱাহাটীত আধাৰ কৰ্তৃপক্ষত পদখালী

ভাৰতীয় একক পৰিচয়পত্ৰ কৰ্তৃপক্ষ(আধাৰ)-ই নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
গুৱাহাটীত আধাৰ কৰ্তৃপক্ষত পদখালী

পদসমূহঃ

উপ-সঞ্চালক, খালী পদৰ সংখ্যাঃ ০১টা।

অৰ্হতাঃ পেৰেণ্ট কেডাৰ বা বিভাগত সমপৰ্যায়ৰ পদবীত কাৰ্যনিৰ্বাহ কৰি থকা কেন্দ্ৰীয় চৰকাৰৰ বিষয়া। অথবা পে মেট্ৰিক্স লেভেল-১০ত নিয়মীয়া সেৱাত ন্যূনতম তিনি বছৰৰ কাৰ্যনিৰ্বাহ কৰি থকা বিষয়া। ন্যূনতম ৫ বছৰৰ অভিজ্ঞতাসহ পে মেট্ৰিক্স-৯ত নিয়মীয়া সেৱাত কাৰ্যনিৰ্বাহ কৰা বিষয়া। নাইবা পে মেট্ৰিক্স-৮ত ছবছৰ কাৰ্যনিৰ্বাহ কৰা বিষয়া হব লাগিব। নতুবা ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ চৰকাৰ/ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান/স্বতন্ত্ৰ সংস্থাত নিয়মীয়া পদবীত কাৰ্যনিৰ্বাহ কৰা বিষয়া হব লাগিব। প্ৰশাসনিক বা আইন বা প্ৰতিষ্ঠাপন বা মানৱ সম্পদ আদি ক্ষেত্ৰত কৰ্ম-অভিজ্ঞতা বিচৰা হব পাৰে।

সহকাৰী শাখা বিষয়া, খালী পদৰ সংখ্যাঃ ০১টা।

অৰ্হতাঃ পেৰেণ্ট কেডাৰ বা বিভাগত সমপৰ্যায়ৰ পদবীত কাৰ্যনিৰ্বাহ কৰি থকা কেন্দ্ৰীয় চৰকাৰৰ বিষয়া। অথবা পে মেট্ৰিক্স লেভেল-৫ ত নিয়মীয়া সেৱাত ন্যূনতম তিনি বছৰৰ কাৰ্যনিৰ্বাহ কৰি থকা বিষয়া। ন্যূনতম ৫ বছৰৰ অভিজ্ঞতাসহ পে মেট্ৰিক্স-৪ ত নিয়মীয়া সেৱাত ৫ বছৰৰ কাৰ্যনিৰ্বাহ কৰা বিষয়া। নাইবা পে মেট্ৰিক্স-৩ ত সাতবছৰ কাৰ্যনিৰ্বাহ কৰা বিষয়া হব লাগিব। নতুবা ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ চৰকাৰ/ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান/স্বতন্ত্ৰ সংস্থাত নিয়মীয়া পদবীত কাৰ্যনিৰ্বাহ কৰা বিষয়া হব লাগিব। প্ৰশাসনিক বা আইন বা প্ৰতিষ্ঠাপন বা মানৱ সম্পদ আদি ক্ষেত্ৰত কৰ্ম-অভিজ্ঞতা বিচৰা হব পাৰে।

ব্যক্তিগত সচিব, খালী পদৰ সংখ্যাঃ ০৩টা।

অৰ্হতাঃ পেৰেণ্ট কেডাৰ বা বিভাগত সমপৰ্যায়ৰ পদবীত কাৰ্যনিৰ্বাহ কৰি থকা কেন্দ্ৰীয় চৰকাৰৰ বিষয়া। অথবা পে মেট্ৰিক্স লেভেল-৭ ত নিয়মীয়া সেৱাত ন্যূনতম তিনি বছৰৰ কাৰ্যনিৰ্বাহ কৰি থকা বিষয়া। ন্যূনতম ৫ বছৰৰ অভিজ্ঞতাসহ পে মেট্ৰিক্স-৬ ত নিয়মীয়া সেৱাত কাৰ্যনিৰ্বাহ কৰা বিষয়া। নাইবা পে মেট্ৰিক্স-৬ ত পাঁচবছৰ কাৰ্যনিৰ্বাহ কৰা বিষয়া হব লাগিব। নতুবা ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ চৰকাৰ/ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান/স্বতন্ত্ৰ সংস্থাত নিয়মীয়া পদবীত কাৰ্যনিৰ্বাহ কৰা বিষয়া হব লাগিব। প্ৰশাসনিক বা আইন বা প্ৰতিষ্ঠাপন বা মানৱ সম্পদ আদি ক্ষেত্ৰত কৰ্ম-অভিজ্ঞতা বিচৰা হব পাৰে।

ষ্টেনোগ্ৰাফাৰ, খালী পদৰ সংখ্যাঃ ০১টা।

অৰ্হতাঃ পেৰেণ্ট কেডাৰ বা বিভাগত সমপৰ্যায়ৰ পদবীত কাৰ্যনিৰ্বাহ কৰি থকা কেন্দ্ৰীয় চৰকাৰৰ বিষয়া। অথবা পে মেট্ৰিক্স লেভেল-৭ ত নিয়মীয়া সেৱাত ন্যূনতম তিনি বছৰৰ কাৰ্যনিৰ্বাহ কৰি থকা বিষয়া। ন্যূনতম ৩ বছৰৰ অভিজ্ঞতাসহ পে মেট্ৰিক্স-৫ত নিয়মীয়া সেৱাত কাৰ্যনিৰ্বাহ কৰা বিষয়া। নাইবা পে মেট্ৰিক্স-৪ ত পাঁচবছৰ কাৰ্যনিৰ্বাহ কৰা বিষয়া হব লাগিব। নাইবা পে মেট্ৰিক্স-৩ ত নিয়মীয়া সেৱাত সাত বছৰ কাৰ্যনিৰ্বাহ কৰা হব লাগিব। নতুবা ৰাজ্য চৰকাৰ /ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান/স্বতন্ত্ৰ সংস্থাত নিয়মীয়া পদবীত কাৰ্যনিৰ্বাহ কৰা বিষয়া হব লাগিব। প্ৰশাসনিক বা আইন বা প্ৰতিষ্ঠাপন বা মানৱ সম্পদ আদি ক্ষেত্ৰত কৰ্ম-অভিজ্ঞতা বিচৰা হব পাৰে।

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স আবেদন গ্ৰহণৰ শেষ তাৰিখৰ দিনা ৫৬ বছৰতকৈ তলত হব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৬/০৭/২০২১।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদনৰ নিয়মঃ অফলাইন।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com