Begin typing your search above and press return to search.

উত্তৰ প্ৰদেশ লোকসেৱা আয়োগৰ ষ্টাফ নাৰ্ছ নিযু্ক্তি

উত্তৰ প্ৰদেশ লোকসেৱা আয়োগে ষ্টাফ নাৰ্ছ (পুৰুষ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

উত্তৰ প্ৰদেশ লোকসেৱা আয়োগৰ ষ্টাফ নাৰ্ছ নিযু্ক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Jan 2022 11:24 AM GMT

উত্তৰ প্ৰদেশ লোকসেৱা আয়োগৰ বিষয়েঃ

উত্তৰ প্ৰদেশ লোকসেৱা আয়োগে উত্তৰ প্ৰদেশ চৰকাৰৰ গ্ৰুপ-এ আৰু গ্ৰুপ-বি অসামৰিক সেৱা বিষয়া নিযুক্তি পৰীক্ষাৰ আয়োজন কৰে। ভাৰতীয় সংবিধানৰ ২৪ সংখ্যক খণ্ডৰ ৩১৫ অনুচ্ছেদৰ পৰা ৩২৩ অনুচ্ছেদৰ ভিত্তিত লোকসেৱা আয়োগে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ আধাৰত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ বাবে সুকীয়া লোকসেৱা আয়োগ আছে। ১৯৩৭-ত উত্তৰ প্ৰদেশ লোকসেৱা আয়োগ স্থাপন কৰা হয়।


উত্তৰ প্ৰদেশ লোকসেৱা আয়োগৰ নিযুক্তি-২০২২ঃ

উত্তৰ প্ৰদেশ লোকসেৱা আয়োগে ষ্টাফ নাৰ্ছ (পুৰুষ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে অধিক তথ্য তলত চাব পাৰে।


পদৰ নাম

ষ্টাফ নাৰ্ছ (পুৰুষ)

খালী পদ

৫৫৮ টা।

দৰমহা

প্ৰতি মাহে ৯,৩০০ টকাৰ পৰা ৩৪,৮০০টকা।

চাকৰিৰ স্থান

উত্তৰ প্ৰদেশ।

আবেদন মাচুল

১২৫ টকা।

বাছনি প্ৰক্ৰিয়া

সাক্ষাৎকাৰ

বয়সৰ সীমা

প্ৰাৰ্থীৰ সৰ্বাধিক বয়স ৩৫ বছৰ।

চাকৰিৰ ম্যাদ

১১ মাহ

অন্তিম তাৰিখ

২১ ফেব্ৰুৱাৰী, -২০২২

ৱেবছাইট

uppsc.up.nic.in




শিক্ষাগত অৰ্হতা :

প্ৰাৰ্থীয়ে যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা নাৰ্ছিঙৰ ডিপ্লমা বা বি এছ চি নাৰ্ছিং হব লাগিব।


আবেদনৰ নিয়মঃ

আগ্ৰহী প্ৰাৰ্থীয়ে অহা ২১ ফেব্ৰুৱাৰীলৈকে uppsc.up.nic.in-ৰ পৰা আবেদন জনাব পাৰিব।


আৰু চাব পাৰে : আই.আই.ই.এ.টি. নিযুক্তি ২০২২ - জুনিয়ৰ ৰিচাৰ্চ ফেলোৰ খালী পদ



Next Story
চাকৰি