সহকাৰী ভূ-তত্ববিদ নিযুক্তিৰ বাবে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ আবেদন আহ্বান

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, আদিৰ সকলো তথ্য পাব।
সহকাৰী ভূ-তত্ববিদ নিযুক্তিৰ বাবে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ আবেদন আহ্বান

কেন্দ্ৰীয় লোকসেৱা আয়োগ(ইউপিএছচি)এ সহকাৰী ভূ-তত্ববিদ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, আদিৰ সকলো তথ্য পাব।

পদৰ নাম- সহকাৰী ভূ-তত্ববিদ ।

খালী পদৰ সংখ্যা-২০ টা ।

নিযুক্তিৰ স্থান-সমগ্ৰ ভাৰতত ।

দৰমহা-৪৭,৬০০-১,৫১,১০০/-(প্ৰতি মাহে।)

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ১৬/০৯/২০২১ ।

বয়সৰ সীমা-৩০ বছৰ ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীগৰাকীয়ে কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা ভূ-তত্ব বা প্ৰায়োগিক ভূ-তত্ত্ব বা ভূ-অন্বেষণ বা খনিজ অন্বেষণ বা অভিযান্ত্ৰিক ভূ-তত্ব বা ভূ-ৰসায়ন বা সামুদ্ৰিক ভূ-তত্ব বা ভূ-বিজ্ঞান আৰু সম্পদ ব্যৱস্থাপনা বা সাগৰবিজ্ঞান আৰু উপকূলীয় এলেকা অধ্যয়ন (উপকূলীয় ভূ-তত্ত্ব) বা পৰিৱেশ ভূতত্ত্ব বা ভূ-তথ্যবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিব লাগিব ।

আবেদন প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে ১৬ ছেপ্টেম্বৰ, ২০২১ তাৰিখে বা তাৰ আগতে অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব লাগিব। প্ৰাৰ্থীসকলে সকলো নথিপত্ৰ/প্ৰমাণপত্ৰৰ স্কেন কৰা প্ৰতিলিপি আপলোড কৰিব লাগিব আৰু আৱেদন প্ৰপত্ৰ পূৰণ কৰাৰ সময়ত অনলাইন মোডৰ জৰিয়তে ২৫/- টকা মাচুল পৰিশোধ কৰিব লাগিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com