Begin typing your search above and press return to search.

কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউ পি এছ চি)-ৰ এন ডি এ আৰু এন এ পৰীক্ষাৰ আয়োজন

কেন্দ্ৰীয় লোকসেৱা আয়োগ ( ইউ পি এছ চি)-য়ে ২০২২ৰ এন ডি এ আৰু এন এ পৰীক্ষাৰ আয়োজন কৰিছে।

কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউ পি এছ চি)-ৰ এন ডি এ আৰু এন এ পৰীক্ষাৰ আয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Jan 2022 7:46 AM GMT

কেন্দ্ৰীয় লোকসেৱা আয়োগ ( ইউ পি এছ চি)-ৰ বিষয়েঃ


কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউ পি এছ চি)- হৈছে ভাৰত চৰকাৰৰ অসামৰিক সেৱাৰ গ্ৰুপ-এ বিষয়াবৰ্গ, কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা সেৱা, কেন্দ্ৰীয় অভিযান্ত্ৰিক সেৱা, কেন্দ্ৰীয় স্বাস্থ্য সেৱা, কেন্দ্ৰীয় প্ৰাকৃতিক সম্পদ সেৱা, কেন্দ্ৰীয় স্থপতি সেৱা, কেন্দ্ৰীয় কাৰ্য-সম্পাদন সেৱা আৰু কেন্দ্ৰীয় আইন সেৱাৰ বিষয়াবৰ্গ বাছনি কৰাৰ আগশাৰীৰ নিযুক্তি কৰ্তৃপক্ষ। এই আয়োগে গ্ৰুপ-এ বিষয়াবৰ্গ বাছনি কৰাৰ বিপৰীতে কেন্দ্ৰীয় কৰ্মী-প্ৰশাসন আৰু প্ৰশিক্ষণ বিভাগে এই বিষয়াসকলক নিযুক্তি দিয়ে।

ভাৰতীয় সংবিধানৰ ২৫ খণ্ড অনুসৰি ইউ পি এছ চিয়ে কাৰ্য-সম্পাদন কৰে। আয়োগক ক্ষমতা প্ৰদান কৰিছে ভাৰতীয় সংবিধানে। আয়োগে নিজৰ তথ্যৰ প্ৰতিবেদন পোনপটীয়াভা

সাংবিধানিক কৰ্তৃপক্ষৰূপে ইউ পি এছ চিয়ে স্বতন্ত্ৰতা উপভোগ কৰে। ইয়াৰ স্বতন্ত্ৰতা নিৰ্বাচন আয়োগ আৰু দেশৰ উচ্চতম ন্যায়পালিকাৰ লেখীয়া।


কেন্দ্ৰীয় লোকসেৱা আয়োগ ( ইউ পি এছ চি)-ৰ এন ডি এ আৰু এন এ পৰীক্ষা-২০২২ঃ

কেন্দ্ৰীয় লোকসেৱা আয়োগ ( ইউ পি এছ চি)-এ ২০২২ৰ এন ডি এ আৰু এন এ পৰীক্ষাৰ আয়োজন কৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ


আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

পদৰ নাম

এন ডি এ।

খালী পদ

৪০০টা।

দৰমহা

উল্লেখ নাই।

চাকৰিৰ স্থান

ভাৰতৰ যিকোনো স্থানত।

বাছনি প্ৰক্ৰিয়া

লিখিত পৰীক্ষা।

বয়সৰ সীমা

প্ৰাৰ্থীৰ জন্ম ২০০৩ৰ ২ জুলাইৰ পূ্ৰ্বে আৰু ২০০৬ৰ ১ জুলাইৰ পাছত হব নালাগিব।

বাছনি প্ৰক্ৰিয়া

লিখিত পৰীক্ষা/ দক্ষতা পৰীক্ষা/ সাক্ষাৎকাৰ

আবেদন মাচুল

এছ চি- এছ টিৰ নাই। জে চি ও/ এন চি ও / অ আৰৰ সন্তানৰ নাই।

আনসকলৰ ১০০ টকা। ( এশ টকা। )


অন্তিম তাৰিখ

১১ জানুৱাৰী ২০২২

ৱেবছাইট

upsc.gov.in

শিক্ষাগত অৰ্হতা :

এন ডি এ-ৰ সেনা শাখাৰ ক্ষেত্ৰত প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হব লাগিব

এন ডি এ-ৰ বায়ু সেনা আৰু ভাৰতীয় নেভেল একা়ডেমীৰ ক্ষেত্ৰত প্ৰাৰ্থী গণিত আৰু পদাৰ্থ বিজ্ঞানসহ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হব লাগিব।

কেনেদৰে আবেদন জনাব পাৰেঃ

অবিবাহিত আগ্ৰহী প্ৰাৰ্থীয়ে ইউ পি এছ চিৰ অফিচিয়েল এপ্লিকেচন পৰ্টেলৰ জৰিয়তে আবেদন জনাব পাৰে।


অসমৰ দিছপুৰত ইয়াৰ পৰীক্ষা কেন্দ্ৰ আছে।


আৰু পঢ়ক:কলিকতা বিশ্ববিদ্যালয় নিযুক্তি ২০২২- গৱেষণা ফেলোশ্বিপ পদখালী


Next Story
চাকৰি