নগালেণ্ডৰ জলসম্পদ বিভাগত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
নগালেণ্ডৰ জলসম্পদ বিভাগত পদখালী
Published on

নগালেণ্ডৰ জলসম্পদ বিভাগত ক্ষেত্ৰ সহযোগী/ যুৱ পেচাদাৰীৰ  খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : প্ৰবন্ধক : ক্ষেত্ৰ সহযোগী/ যুৱ পেচাদাৰী।

খালী পদৰ সংখ্যা : ০২টা।

বয়স : বয়সৰ কোনো সীমাবদ্ধতা নাই।

দৰমহা : ২৫,০০০/- (মাহিলী)।

নিযুক্তিৰ স্থান : কহিমা, নগালেণ্ড

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১১/১০/২০২১

অৰ্হতা :

জলসম্পদ বিভাগ, নগালেণ্ডত ক্ষেত্ৰ সহযোগী/ যুৱা বিত্তিধাৰীৰ খালী পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কৃষি অভিযান্ত্ৰিক/ চিভিল অভিযান্ত্ৰিক বিষয়ত B. Tech/ B.E. ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া :

প্ৰাৰ্থীসকলে নিজৰ আবেদন পত্ৰ মুখ্য অভিযন্তা, জলসম্পদ বিভাগ, নগালেণ্ডত, কহিমাৰ কাৰ্য্যালয়ৰ পৰা সংগ্ৰহ কৰিব লাগিব, আৰু সম্পূৰ্ণ ৰূপে পূৰণ কৰা আবেদনসমূহ, প্ৰয়োজনীয় নথি পত্ৰ সহ পুনৰ উল্লেখিত ঠিকনাত ১১ অক্টোবৰ ২০২১ তাৰিখৰ পূৰ্বে জমা কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

তাৰিখ : ১২ অক্টোবৰ ২০২১।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com