Begin typing your search above and press return to search.

জেকুলিন-নোৰাক কিয় জেৰা অব্যাহত ৰাখিছে ই. ডিয়ে?

ডিৰ জেৰাৰ সন্মুখীন হোৱা আনগৰাকী অভিনেত্ৰী নোৰা ফাতেহিয়েও সুকেশ দম্পতিৰ লগত সম্পৰ্ক নাই বুলি দাবী কৰিছে।

জেকুলিন-নোৰাক কিয় জেৰা অব্যাহত ৰাখিছে ই. ডিয়ে?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Oct 2021 10:21 AM GMT

অবৈধ ধন অৰ্জনৰ অভিযোগত প্ৰৱৰ্তক সঞ্চালকাল (ই. ডি.)-য়ে অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজ আৰু নোৰা ফাটেহীক জেৰা অব্যাহত ৰাখিছে। প্ৰথমবাৰ জেৰাৰ সন্মুখীন হোৱাৰ পাছতে অভিনেত্ৰী জেকুলিণনে যোৱা শনিবাৰে সুকেশ চন্দ্ৰশেখৰ আৰু তেওঁৰ পত্নী লীনা মাৰিয়া পৌলৰ সৈতে কোনো ধৰণৰ সম্বন্ধ নাই বুলি দাবী কৰে। ই ডিৰ জেৰাৰ সন্মুখীন হোৱা আনগৰাকী অভিনেত্ৰী নোৰা ফাতেহিয়েও সুকেশ দম্পতিৰ লগত সম্পৰ্ক নাই বুলি দাবী কৰিছে।

অভিনেত্ৰী জেকলিণ আৰু সুকেশৰ অবৈধ প্ৰেম :

যোৱা শনিবাৰে ন্যায়ালয়ৰ সন্মুখত প্ৰস্তুত কৰা হয় অবৈধ ধন আয়ঃৰ অভিযুক্ত সুকেশ চন্দ্ৰশেখৰক, ঘটনা ক্ৰমে সংবাদ মাধ্যমৰ আগত সুকেশৰ উকিল অনন্ত মালিকে প্ৰকাশ কৰে যে, সুকেশ আৰু অভিনেত্ৰী জেকলিণৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক। যাৰ পাছতেই আবেলি ভাগলৈ অভিনেত্ৰী গৰাকীৰ মতদাতাই নিজৰ ভাষ্যত এই কথা স্পষ্ট ভাৱে জনাই যে, ই. ডি.য়ে, "অভিনেত্ৰী গৰাকীক কেৱল এগৰাকী সাক্ষী ৰূপেহে আমন্ত্ৰণ জনাইছিল। ই. ডি.ৰ সন্মুখত তেওঁ বৰ্তমান নিজৰ ভাষ্য প্ৰদান কৰিছে আৰু বৰ্তমানো এই অনুসন্ধানত তেওঁ সম্পূৰ্ণ ভাৱে সহযোগিতা কৰিব"। ইয়াৰ লগতে জেকলিনে আৰূপী দম্পতীৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক আদায় কৰাৰ পৰা অমান্তি প্ৰকাশ কৰিছে ।

যোৱা সপ্তাহে (২০,অক্টোবৰ) অভিনেত্ৰী জেকলিন ফাৰ্ণাদিজ কিছু ব্যক্তিগত অসুবিধা তথা পেছাদাৰী ব্যস্ততাৰ বাবে বাদ দিব লগীয়া হোৱা ৪টা চমনৰ অন্তত ই. ডি. ৰ কাৰ্যালয়ত গৈ উপস্থিত হয়। অভিযুক্ত সুকেশে, অভিনেত্ৰী গৰাকীৰ সন্মুখতে তেওঁক এখন বিলাসী গাড়ী উপহাৰ দিয়াৰ কথা দাবী কৰে। অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে পোনপ্ৰথম বাৰৰ বাবে চমন ৩০আগষ্ট তাৰিখে জাৰী কৰা হয়, আৰু PMLA এক্টৰ অধীনত তেঁওৰ ভাষ্য ৰেকৰ্ড কৰা হয়। ই. ডি. বিষয়া সকলে তেওঁক অভিযুক্তৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে প্ৰশ্ন কৰে আৰু লগতে, তেওঁ কৰা দাবী সমূহৰ প্ৰমাণ বিচাৰে।

নৰা ফটেহিক বিলাসী গাড়ী উপহাৰ দিছিল সুকেশে :

যোৱা ২৩অক্টোবৰ তাৰিখে, ই. ডি. বিষয়া সকলে সুকেশক ন্যায়ালয়ত সন্মুখত প্ৰস্তুত কৰে। অভিনেত্ৰী নৰা ফাতেহিক বিলাসী গাড়ী উপহাৰ দিয়া কথাত সদৰি কৰাৰ পাছতেই, গাড়ীৰ বিষয়ে আৰু কিছু প্ৰশ্ন উত্থাপন কৰাত অভিযুক্ত গৰাকীয়ে ইয়াৰ বিষয়ে অভিনেত্ৰী গৰাকীক সুধপুচ কৰাৰ পৰ্মৰ্ষ দিয়ে। অভিযুক্ত উকল অনন্ত মালিকে সংবাদ মাধ্যমৰ আগত অৱগত কৰাই যে, "নৰাই নিজকে নিৰ্দোষী সজাবলৈ চেষ্টা চলাইছে, কিন্তু সঁচা ইয়ে যে তেওঁক সুকেশে এখনি বিলাসী বি.এম.ডাব্লিউ. উপহাৰ দিছিল।

অৱশ্যে, যোৱা ১৫অক্টোবৰ তাৰিখে ই. ডি. ৰ সৈতে হোৱা এটি সাক্ষাৎকাৰৰ বিষয়ে অভিনেত্ৰী গৰাকীৰ মতদাতাই জনাই যে, "তেওঁ নিৰ্দোষী। তেওঁ মাত্ৰ এগৰাকী সাক্ষী, যিয়ে বিষয়া সকললৈ নিজৰ সহযোগিতা আগ বঢ়াইছে। আমি সুস্পষ্ট বাবে জনাও যে অভিনেত্ৰী গৰাকী অবৈধ ধন আয়ঃৰ ব্যপৰত কোনো ধৰণৰ অংশীদাৰ নহয়, আৰু অভিযুক্ত দম্পতীৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই"।

অৱশ্যে যোৱা বছৰ বি.এম.ডাব্লিউ.য়ে নিজৰ ইনষ্টাগ্ৰাম হেন্দেলত আপলোড কৰিছিল, নৰা ফাতেহিয়ে এখন বি.এম.ডাব্লিউ. ক্ৰয় কৰা এখনি ফটো।


আৰু পঢ়িব পাৰেঃ চতুৰ্থবাৰলৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিলে কংগনা ৰাণাৱটে

Next Story
চাকৰি