Begin typing your search above and press return to search.

অসম কৃষি বিশ্ববিদ্যালয়ত যুৱ পেচাদাৰী নিযুক্তিৰ বাবে আবেদন আহ্বান

কৃষি পৰিসংখ্যা বিভাগৰ অধীনত যুৱ পেচাদাৰীৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে

অসম কৃষি বিশ্ববিদ্যালয়ত যুৱ পেচাদাৰী নিযুক্তিৰ বাবে আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-11-09T14:13:20+05:30

অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট নিজৰ ক্ষেত্ৰত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানৰ মূল উদ্দেশ্য কৃষি খণ্ডত সমগ্ৰ বিশ্বকে হচকিত কৰি তুলিব পৰা মানৱ সম্পদ গঢ়ি তোলা, আৰু লগতে পৰম্পৰাগত আৰু সীমান্ত, দুয়ো ক্ষেত্ৰতে উৎপাদন অনুকূলীকৰণ আৰু কৃষি ভিত্তি উন্নয়নৰ হেতু নতুন প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱন কৰা।

অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত পদখালী :

অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত, শেহতীয়াভাবে উপযুক্ত প্ৰাৰ্থী সকলক কৃষি মহাবিদ্যালয়ত, কৃষি পৰিসংখ্যা বিভাগৰ অধীনত যুৱ বিত্তিধাৰীৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :


পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

যুৱ পেচাদাৰী ০২

খালী পদৰ সংখ্যা

০১

বয়স

২১ - ৩৬ বছৰ

দৰমহা

৩৫,০০০/- টকা (মাহিলী)

পদৰ স্থান

যোৰহাট, অসম

আৱেদন দাখিলৰ অন্তিম তাৰিখ

১৭/১১/২০২১


শিক্ষাগত অৰ্হতা : পৰিসংখ্যা/ কৃষি পৰিসংখ্যা বিভাগত M. Sc

আৱেদন প্ৰক্ৰিয়া :

• ইচ্ছুক প্রাৰ্থীয়ে খালী কাগজত নিজৰ বায়ডাটা লিখিত ভাৱে, স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ আৰু অন্য দৰকাৰী প্ৰমাণপত্ৰ সহ সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব ।

• সত্যাসত্য নিৰ্ণয়ৰ বাবে নথি-পত্ৰ সমূহৰ প্ৰকৃত প্ৰতিলিপি আনিব লাগিব।

বাছনি প্ৰক্ৰিয়া :

• সাক্ষাৎকাৰ

• তাৰিখ : ১৭ নৱেম্বৰ ২০২১।

সময় : পুৱা ১০:৩০ বজাৰ পৰা

স্থান : প্ৰধান অধ্যক্ষৰ কক্ষ, কৃষি মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট ৭৮৫০১৩।


আৰু চাব পাৰেঃ অসম কৃষি বিশ্ববিদ্যালয়ত অভিযন্তা, কনিষ্ঠ অভিযন্তা, বিষয়া আদি পদ খালী

Next Story