Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৮ ফেব্ৰুৱাৰী, মঙলবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)

আপোনাৰ  আজিৰ দিনটোৰ ৰাশিফল ( ৮ ফেব্ৰুৱাৰী, মঙলবাৰ, ২০২২)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Feb 2022 4:22 AM GMT


জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহ

৮, ১৭, ২৬

শুভ বাৰসমূহ

সোমবাৰ, মঙলবাৰ, শুকুৰবাৰ

শুভ ৰংসমূহ

সেউজীয়া, ধোঁৱা বৰণীয়া, হালধীয়া


মেষ: (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনাৰ প্ৰেমৰ সম্পৰ্কত সুষমতা থাকিব ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ প্ৰতি মৰমীয়াল আৰু উষ্ম হ'ব। আপুনি আজিৰ সন্ধিয়াটো ৰোমাণ্টিক বাতাবৰণৰ মাজত পাৰ কৰিব ৷ যদি আপুনি সন্মুখীন হোৱা কোনো সমস্যাৰ বিষয়ে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক খুলাখুলিকৈ কয়, তেন্তে আপুনি তেওঁৰ পৰা প্ৰয়োজনীয় সহায় পাব। তেওঁৰ লগত আপোনাৰ বান্ধোন সুদৃঢ় হব। আপুনি আৰাম কৰিব। নতুন পৰিকল্পনাৰ কথা চিন্তা কৰিব। আপুনি আোপনাৰ পৰিয়াল আৰু সন্তানৰ সৰু-সুৰা প্ৰয়োজনীয়তাও পূৰণ কৰিব । জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক সু-মসৃণ হব।

বৃষ : (২১ এপ্ৰিল – ২১ মে' )

আপোনাৰ অত্যধিক কামৰ হেঁচাৰ বাবে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক তেনেই কম সময়হে দিব পাৰিব৷ ইয়ে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ ধৈৰ্য পৰীক্ষাও কৰিব। আপুনি জীৱনৰ নতুন অৰ্থ বিচাৰি পাব। আপুনি অনুভৱ কৰিব যে জীৱন সুন্দৰ। আপুনি অনুষ্ঠান, কৰ্মসূচী আৰু আলোচনা চক্ৰত ব্যস্ত থাকিব। আপুনি নতুন যোগাযোগ স্থাপন কৰিব। কৰ্মস্থলীত আপোনাৰ দায়িত্ব বৃদ্ধি পাব। আপুনি আপোনাৰ সহকৰ্মীৰ লগত অতি ভাল বাৰ্তা-সংযোগ বৰ্তাই ৰাখিব। আপোনালোক প্ৰেমিক-প্ৰেমিকাৰ মাজত ভাল বুজাপৰা থাকিব। ।

মিথুন : (২২ মে' – ২১ জুন)

আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত যদি তীব্ৰতৰ বেগ লয়, তেন্তে আপুনি প্ৰেমৰ গতি লেহেমীয়া হৈ পৰিব। । আপুনি এটা ডাঙৰ বিত্তীয় বুজাবুজি কৰিব । কিন্তু চুক্তিত স্বাক্ষৰৰ পূৰ্বে আপুনি ভালদৰে নথিপত্ৰবোৰ পঢ়াৰ প্ৰয়োজন। আপুনি যোগ, ধ্যান আৰু প্ৰাৰ্থনাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব। আপুনি বৈচিত্ৰপূৰ্ণ ক্ষেত্ৰত সক্ৰিয় হৈ থাকিব। আপোনাৰ আয় বৃদ্ধি পাব। আপোনাৰ কামক লৈ আপোনাৰ উৰ্ধতন বিষয়াবৰ্গ আৰু জ্যেষ্ঠ কৰ্মচাৰীসকল সন্তুষ্ট হব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপোনাৰ প্ৰেমৰ সম্পৰ্কত আউল লাগিব পাৰে, কাৰণ আপুনি যিজন ব্যক্তিৰ প্ৰতি আকৰ্ষিত হ'ব, তেওঁ কথা দিবলৈ টান পাব । আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ বান্দোন ভাল হব আৰু দুয়োজনে পৰস্পৰক ভালদৰে বুজি পাবলৈ সক্ষম হব। আপুনি নতুন বন্ধুত্বও গঢ়িব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু পদক্ষেপে সফলতা আনিব। আপুনি চাকৰিত পদোন্নতি পাব। আপোনাৰ বাৰ্তা-সংযোগৰ দক্ষতা অদ্বিতীয়। আপুনি অধিক খোলা মনৰ হব আৰু আনতকৈ নিজৰ প্ৰতি অধিক গুৰুত্ব দিব।


সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

যদি আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আবেগিকভাবে ঘনিষ্ঠ হ'বলৈ বিচাৰে, তেন্তে আপুনি এই কথা প্ৰকাশ কৰিবলৈ বিচাৰিব পাৰে ৷ আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই সকলোখিনি সুন্দৰভাবে চম্ভালি লব। আপোনাক যোগ, প্ৰাৰ্থনা, উপাসনা আৰু ধৰ্মীয় কাম-কাজে আকৰ্ষিত কৰিব। আপোনাৰ বিত্তীয় অৱস্থা উন্নত হব আৰু আপুনি উপকৃত হব পৰা কামৰ প্ৰতি গুৰুত্ব দিব। আপুনি গতিশীল ব্যক্তিত্ব আৰু ইতিবাচক চিন্তাৰ বিকাশ সাধন কৰিব ।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কত উন্নতি সাধনৰ বহু সুযোগ পাব ৷ কিন্তু এই সুযোগসমূহ গ্ৰহণ কৰিব লাগিব। আপুনি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত যন্ত্ৰণা ভোগ কৰিব লাগিব পাৰে । আপুনি আপোনাৰ ঘনিষ্ঠজনৰ আস্থা জয় কৰিব। মানুহে আপোনাৰ ভদ্ৰ আৰু অমায়িক আচৰণক প্ৰশংসা কৰিব। সপ্তাহটোৰ শেষৰফালে আপুনি ব্যৱসায় সংক্ৰান্তীয় ভ্ৰমণ হাতত লব পাৰে, যিটো ফলদায়ক হব। কিছুমান সুখপ্ৰদ খবৰে আপোনাৰ সজীৱতা বৃদ্ধি কৰিব ।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

যদি আপুনি আপোনাৰ জীৱনসংগীৰ ওপৰত অত্যধিক নিৰ্ভৰ কৰে, তেন্তে আপুনি এটা ভাল সম্পৰ্ক হেৰুৱাবলগীয়া হ'ব। আপুনি প্ৰতিটো কথা আৰু কামত গুৰুত্ব দিব। আধ্যত্মিক আৰু পাৰ্থিৱ—দুয়োটা দিশৰ পৰাই এই সময়ছোৱা আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হব। আপুনি নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি অগ্ৰসৰ হব। স্বামী-স্ত্ৰীৰ মাজত ভাল বুজাবুজি থাকিব। বিবদমান বিষয়ত আপোনাৰ জয়ৰ ইংগিত সূচিত হৈছে। আপুনি নতুন প্ৰকল্প হাতত লব।

বৃশ্চিক: (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি ঘৰ বা নিজে বনাই লোৱা আৱৰণ ফালি ওলাই আহক আৰু নিজকে সামাজিক কৰি তোলক আপুনি আজি জীৱনত কোনো নতুনত্বৰ সন্ধান কৰিব আৰু সেয়া পাবও। ইয়ে আপোনাক জীৱনত আগবাঢ়ি যোৱাত আপোনাক সহায় কৰিব। এই সময়ছোৱাত আপোনাৰ বাবে অংশীদাৰী ব্যৱসায় শ্ৰেয়। আপুনি আকাংক্ষিত এটা কাম লাভ কৰি পূৰ্ণ শক্তিৰে কাম কৰিব। আপুনি এটা ভাল কাম কৰিবলৈ লব। আপুনি চাকৰি বা ব্যৱসায়ত উন্নতি সাধন কৰিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি দায়িত্বৰ খাতিৰত নগৰলৈ ওলাই যাবলগীয়া হ'ব পাৰে ৷ আপুনি আপোনাৰ শক্তিশালী ইচ্ছাশক্তিৰ বলত সফলতাৰ দিশত অগ্ৰসৰ হব। আপোনালৈ ধন আৰু সম্পদৰ আগমন অব্যাহত থাকিব । আপোনাৰ শত্ৰু আৰু বিৰোধীয়ে আপোনাৰ স্বাৰ্থত আঘাত হানিবলৈ সক্ষম নহব। আপুনি আনৰ প্ৰতি সহানুভূতিশীল হব। আপুনি গুৰুত্বসহকাৰে কাম সম্পূৰ্ণ কৰিব। আপুনি আপোনাৰ চৌকাষে থকা ব্যক্তিসকলৰ সৈতেও সু-সম্পৰ্ক স্থাপন কৰিব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি নিজৰ মন-মেজাজ নিয়ন্ত্ৰণত ৰাখক ৷ কাৰণ ই অনিয়ন্ত্ৰিত হ'লে আপুনি জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। চৰকাৰৰ সৈতে সম্পৰ্কিত কাম বা বিষয়ত আপুনি সফলতা অৰ্জন কৰিব। এই সময় হৈছে আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ সৈতে আনন্দ-স্ফূৰ্তি কৰাৰো সময়। আপুনি বনভোজ অথবা আনন্দ-স্ফূৰ্তিৰে ভৰা ভ্ৰমণত যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰো যতন লব।

কুম্ভ : (২১ জানুৱাৰী- ১৮ ফেব্ৰুৱাৰী)

আপোনাৰ প্ৰেম-জীৱন অতি সুন্দৰ হ'ব ৷ আপোনাৰ জীৱনসংগীৰ মন-মানসিকতা অতি সুন্দৰ হ'ব আৰু আপোনাৰ কৰ্মোদ্যম আৰু স্পৃহা বৃদ্ধি কৰিব ৷ আপুনি আপোনাৰ প্ৰিয়জন আৰু বন্ধুবৰ্গৰ সৈতে অবিস্মৰণীয় মুহূৰ্ত পাৰ কৰিব। আপুনি সামাজিক আৰু ৰাজনৈতিক কাম-কাজৰ প্ৰতি আকৰ্ষিত হব পাৰে। আপুনি আপোনাৰ ব্যৱসায়তো সফলতা অৰ্জন কৰিব। আপুনি নিজৰ মাজতে ইতিবাচক পৰিৱৰ্তন দেখিব। গভীৰ চিন্তাৰে গ্ৰহণ কৰা সিদ্ধান্তসমূহে আপোনাক ধন অৰ্জন কৰাত সহায় কৰিব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)



আপুনি আপোনাৰ কৰ্ম-ব্যস্ততাৰ বাবে বহু মিঠা মুহূৰ্ত উপভোগ কৰিব নোৱাৰিব পাৰে। আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আনন্দৰে ভৰাই ৰাখিব। আপুনি এটা নতুন কাম /ব্যৱসায়ো আৰম্ভ কৰিব। আপুনি আপোনাৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যবৰ্গৰ লগত ভাল বান্ধোন অটুট ৰাখিব। আহি থকা দিনবোৰে আপোনালৈ আনন্দ আৰু সম্পদ আনিব। আপুনি প্ৰতিটো কামতে সফলতাও অৰ্জন কৰিব। আপোনাৰ প্ৰেমৰ সম্পৰ্কলৈ ইতিবাচক পৰিৱৰ্তন আহিব পাৰে।

Next Story
চাকৰি