শিৱসাগৰ জিলাৰ জয়সাগৰৰ পৰা শিৱসাগৰ আৰক্ষীয়ে চেৰেকাপাৰা আৰক্ষীৰ সহযোগত এক অভিযান চলাই যোৱা দেওবাৰে নিশা হাহঁচৰা-কুজিবালিৰ ওচৰৰ পৰা প্ৰায় ৭০লাখ টকাৰ অএনজিচিত ব্যৱহৃত ৰাসায়নিক দ্ৰৱ্য লুকুৱাই ৰখাৰ পৰা উদ্ধাৰ কৰে।
চোৰাং ব্যৱসায়ী কেইজন আৰক্ষীৰ হাতৰ পৰা পলাবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে ৰাসায়নিক দ্ৰৱ্যৰ মিল জব্দ কৰে।এই ঘটনাৰ পিছত জ্যেষ্ঠ আৰক্ষী বিষয়াই ঘটনাটো সঠিক তদন্ত চলোৱাৰ লগতে অফৰাধীক আটক কৰাৰ অভিযান অব্যাহত ৰাখে।ইয়াৰ উপৰিও অএনজিচিৰ সামগ্ৰী উদ্ধাৰৰ লগতে অভিযুক্তক আটক কৰাৰ বাবে জ্যেষ্ঠ আৰক্ষী বিষয়াৰ লগত অএনজিচিৰ ষ্টৰ হাউছৰ কৰ্মচাৰীয়ে সহযোগ প্ৰদান কৰে ।