Begin typing your search above and press return to search.

অক্টোবৰৰ পূৰ্বেই প্ৰথম পৰ্যাগৰ পানী যোগান প্ৰকল্পৰ কাম আৰম্ভঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

অক্টোবৰৰ পূৰ্বেই প্ৰথম পৰ্যাগৰ পানী যোগান প্ৰকল্পৰ কাম আৰম্ভঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 May 2019 8:21 AM GMT

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জাইকাৰ দ্বাৰা ৰূপায়িত বৃহত্তৰ গুৱাহাটী জলযোগান পৰিযোজনাৰ প্ৰকল্পৰ কাম কাজ পৰ্যালোচনা কৰি, চলিত বৰ্ষৰ অক্টোবৰ মাহৰ আগতেই প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰামচা হিল্চ আৰু খাৰঘূলিৰ ব্ৰহ্মপুত্ৰ নদীত নিৰ্মাণৰত অৱস্থাত থকা ৱাটাৰ ফুটিং ইনাৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়।

ইফালে,এই সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগত উপস্থিত থাকে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। ৰামচা হিল্স পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰী সোনোৱালে জল প্ৰকল্পটোৰ নিৰ্মাণৰ কৰ্তৃপক্ষক যাৱতীয় কাম অনতি পলমে সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে ।১.৪ কোটি লিটাৰ পানীৰ বহন ক্ষমতা থকা আৰু ৮১ মিটাৰ দৈৰ্ঘ্য তথা ৬১ মিটাৰ প্ৰস্থৰ এই প্ৰকল্পটোত ৰামচা হিলত নিৰ্মাণ কৰা হৈছে ৷ ইফালে মুখ্যমন্ত্ৰী সোনোৱালে এই সময়ত খাৰঘূলিত ব্ৰহ্মপুত্ৰৰ কাষত নিৰ্মাণ কৰা ৱাটাৰ ইনটেক পইন্টৰ পৰিদৰ্শন কৰে ।

আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জিডিডি আৰু জাইকাৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰি দীৰ্ঘ দিন চলি থকা পানীৰ সমস্যাটোক সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে ৷ইনটেক পইন্টত প্ৰয়োজনীয় পানীৰ পৰিমাণে যাতে খৰালি অটুত থাকে তাৰ বাবে নদীৰ খনন কৰা প্ৰসংগটো পুনৰ চালি জাৰি চাবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে আইআইটিৰ বিশেষজ্ঞসকলৰ দিহা পৰামৰ্শ লোৱাৰ কথা উল্লেখ কৰে। লগতে এনে ধৰণৰ প্ৰকল্পৰ জৰিয়তে দীৰ্ঘসময় ধৰি গুৱাহাটী বাসীয়ে সন্মুখীন হৈ থকা পানীৰ সমস্যাক সমাধান হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি