অক্টোবৰৰ পৰা আধাৰ কাৰ্ডৰ কাম কাৰ্য্যকাৰী কৰিব চৰকাৰে

অক্টোবৰৰ পৰা আধাৰ কাৰ্ডৰ কাম কাৰ্য্যকাৰী কৰিব চৰকাৰে
Published on: 

অক্টোবৰৰ পৰা আধাৰ কাৰ্ডৰ কাম কাৰ্য্যকাৰী কৰিবলৈ সাজু হৈছে চৰকাৰ।সাধাৰন প্ৰশাসনিক বিভাগে ৬টা ব্যৱসায়ীক প্ৰতিস্থানক ইতিমধ্যে দায়িত্ব প্ৰদান কৰিছে।আগষ্টৰ শেষৰ ফালে কাম আৰম্ভ হোৱা কথা আছিল যদিও বিভিন্ন অসুবিধাৰ বাবে কাম আৰম্ভ কৰিব পৰা নাছিল।ব্যৱসায়ীক প্ৰতিস্থানক সমূহক কাম সম্পূৰ্ণ কৰিবৰ বাবে এক বছৰৰ সময় দিয়া হৈছে।২০ খন ব্যৱসায়ীক প্ৰতিস্থানে আবেদন কৰিছিল যদিও শেষত ৬ খনৰ নাম নিশ্চিত কৰে।আঁচনিটোত অসমক ১০ টা মণ্ডলত বিভক্ত কৰি ১,২৪১ টা কেন্দ্ৰ স্থাপন কৰা হব।সাধাৰন প্ৰশাসনিক বিভাগৰ লগত সকলো জিলাৰ অতিৰিক্ত উপায়ুক্ত সকলৰ লগত অাধাৰৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে।জিলা সমূহত অতিৰিক্ত উপায়ুক্ত সকলে আধাৰৰ কাম চোৱাচিতা কৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com