অখিল গগৈয়ে ৰাতিৰ সপোনত যি দেখে সেইবোৰেই পিছদিনা সংবাদমেলত আহি বক্তব্য হিচাবে দাঙি ধৰে: মমিনুল আৱাল

অখিল গগৈয়ে ৰাতিৰ সপোনত যি দেখে সেইবোৰেই পিছদিনা সংবাদমেলত আহি বক্তব্য হিচাবে দাঙি ধৰে: মমিনুল আৱাল
Published on

"সৰ্বানন্দ সোণোৱাল চৰকাৰৰ উন্নয়নমূলক কাম কাজ দেখি অখিল গগৈ বৰ্তমানৰ সময়ত এজন আটাইতকৈ হতাশা গ্ৰস্ত লোক আৰু এই হতাশাৰ বাবেই প্ৰলাপ বকা আৰম্ভ কৰিছে অখিল গগৈয়ে। আনহাতে এই হতাশাগ্ৰস্থৰ ফলস্বৰূপে তেওঁ ৰাতি যি সপোনত দেখে, ৰাতিপুৱা হ'লে সংবাদমাধ্যমৰ আগত বক্তব্য হিচাপে দাঙি ধৰে।"

শুক্ৰবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত অখিল গগৈক তীব্ৰ বাক্যবাণেৰে আক্ৰমণ কৰে বিজেপি নেতা মমিনুল আৱালে।

"অখিল গগৈ এজন অত্যন্ত সুবিধাবাদী ব্যক্তি, যিজন ব্যক্তিয়ে মাওবাদী আৰু মৌলবাদী শক্তিৰে জড়িত হৈ অসমখনক সদায় অশান্ত কৰাৰ চেষ্টাত ব্ৰতী হৈ আছে বুলি অভিযোগ কৰে মমিনুল আৱালে আনহাতে যদি সচাকৈয়ে তেওঁৰ দৃষ্টিত চিণ্ডিকেট হৈ আছে তেন্তে চিণ্ডিকেটৰ সমস্ত তথ্য মূখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু বিজেপিৰ কাৰ্যালয়ত দাখিল কৰিবলৈ আৱালে অখিল গগৈক প্ৰত্যাহ্বান জনাই।

সংবাদমেলত বিধায়ক নোমল মমিনেও কয় অখিল গগৈয়ে গৰু, কয়লা, চুপাৰিৰ যি চিণ্ডিকেটৰ কথা কৈছে সেইবোৰ সম্পূৰ্ণ ভিত্তিহীন আৰু নিৰৰ্থক কথা।

আনহাতে শূণ্যতে গদা ঘূৰোৱা অখিল গগৈৰ অসমৰ কৃষক ৰাইজৰ কাৰণে কি অৱদান আছে বুলি নোমল মমিনে প্ৰশ্ন কৰে আৰু আন্দোলন ৰাজপথত নহয় অসমৰ অৰ্থনৈতিক সামাজিক দিশত পৰিবৰ্তন আনিব পৰা আন্দোলন কৰিবলৈ আহ্বান জনায়।

"চোৰেহে চোৰৰ ঠেং দেখে" চৰকাৰ, সংবাদমাধ্যমেও যি খবৰ নাপায়, সেইবোৰ চিণ্ডিকেটৰ খবৰ অখিল গগৈয়ে কেনেকৈ পায় বুলি মন্তব্য কৰাৰ লগতে এই ক্ষেত্ৰত অখিল গগৈৰ ভূমিকা অত্যন্ত সন্দেহজনক বুলি উল্লেখ কৰে বিধায়ক নোমল মমিনে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com