অগপত যোগদান আছুৰ প্ৰাক্তন উপসভাপতি মনিমাধৱ মহন্তৰ

অগপত যোগদান আছুৰ প্ৰাক্তন উপসভাপতি মনিমাধৱ মহন্তৰ
Published on

অগপত আনুষ্ঠানিকভাৱে যোগদান মণি মাধৱ মহন্তৰ। প্ৰাক্তন আছু নেতাগৰাকীক উষ্ম আদৰণি অগপ কৰ্মীৰ। আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰে আঞ্চলিক দলটোত। ঢোলে দগৰে অগপ কৰ্মীয়ে দলৰ মজিয়ালৈ আদৰিলে আছুৰ নেতাজনক। আজি আমবাৰিস্থিত অগপ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰে নেতাজনে। তেওঁৰ সৈতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সহস্ৰাধিক আছু নেতা কৰ্মীয়ে যোগদান কৰে। গুৱাহাটী ক্লাৱৰ পৰা মহন্তৰ সমৰ্থক সকলৰ সৈতে এক সমদল কৰি অগপ কাৰ্যালয়ত উপস্থিত হয় নেতাজন। ১৯৯৭ চনত আছুত যোগদান কৰি ১৯ বছৰ আছু কৰি উপ সভাপতি হিচাপে বিদায় লয় নেতা জনে।

যোৱা ১৪ মাৰ্চৰ দিনা সক্ৰিয় ৰাজনীতিত যোগদানৰ উদ্দেশ্যে আনুষ্ঠানিকভাৱে ছাত্ৰ ৰাজনীতিৰ পৰা অৱসৰ লৈ আজিৰে পৰা সক্ৰিয় ৰাজনীতিৰ এজন নেতা হিচাপে অংশীদাৰীত্ব লাভ কৰিলে মণিমাধৱ মহন্ত।

অগপৰ মজিয়ালৈ দলৰ সভাপতি অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী আৰু সত্যব্ৰত কলিতাকে ধৰি জ্যেষ্ঠ নেতৃত্বই আদৰণি জনায় মণিমাধৱ মহন্তক।মণি মাধৱ মহন্তৰ সৈতে জনস্বাস্থ্য বিভাগৰ প্ৰাক্তন অভিযন্তা নিকুঞ্জ দাসকে ধৰি আছুৰ কেইজনমান নেতৃত্ব ক্ৰমে হৃদয়নন্দ ডেকা, অভিজিত দাস, মুন্না শৰ্মা, ৰিংকুমণি ডেকা, ৰিদিপ নাথে যোগদান কৰে। তেওঁলোকৰ লগত সহস্ৰাধিক আছু কৰ্মীয়ে যোগদান কৰে।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com