অগপৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ মন্তব্য: অগপ এতিয়াও আমাৰ লগতে আছে

অসম গণ পৰিষদ দল এতিয়াও আমাৰ লগত আছে ৷ এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ। ৰাজ্যখনত আজি কিছুদিন ধৰি সততে অগপ আৰু বিজেপিৰ মাজত মিত্ৰতাক লৈ এক হোৱা শীতল যুদ্ধখনক প্ৰত্যক্ষ কৰিছে ৰাজ্যখনৰ বাসিন্দাই ৷তেনেসময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অগপ বিজেপিৰ মিত্ৰতাৰ সন্দৰ্ভত এই মন্তব্য যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷বৃহস্পতিবাৰে নতুন দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মন্তব্য কৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভতো ।
মুখ্যমন্ত্ৰীজনে মন্তব্য কৰে যে ইতিমধ্যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশ পাইছে ৷ আৰু NRC সম্পৰ্কীয় আলোচনা সভাখনত ৰাজ্যৰ বৰ্তমান পৰিবেশ পৰিস্থিতিৰ বিষয়েও বহু কেইটা মন্তব্য আগবঢ়াই কয় যে NRC ৰ বাকী খিনি কাম কাজ সূচাৰূপে হৈ আছে ৷ লগতে কয় যে অসম গণ পৰিষদ দল এতিয়াও আমাৰ লগত আছে । বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে অগপৰ সৈতে মিত্ৰতাক লৈ ৰাষ্ট্ৰীয় দলৰ সভাপতি অমিত শ্বাহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ৷
আনহাতে সংবাদমেলখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা কৰি কয় যে,পূৰ্বৰ তুলনাত অসম বহু পৰিমাণে আগবাঢ়ি গৈছে। ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত অসম অগ্ৰগতিৰ দিশত ৷ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিজেপি আৰু এজিপিৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ সকলোয়ে প্ৰত্যক্ষ কৰিছিল ৷ বিজিপিৰ অন্তঃমহলটো মিত্ৰতাক লৈ যথেষ্ট অস্বস্তিকৰ পৰিবেশৰ সৃষ্টি হৈছিল। তেনেক্ষেত্ৰত নতুন দিল্লীত মুখ্যমন্ত্ৰী ভাষ্যই নতুন ইংগিত বহন কৰিছে ৷
অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি