Begin typing your search above and press return to search.

অগপ, বিজেপিৰ লোকসভা নিৰ্বাচনী ৰণকৌশল আলোচনা

অগপ, বিজেপিৰ লোকসভা নিৰ্বাচনী ৰণকৌশল আলোচনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 March 2019 5:28 AM GMT

আমবাৰিস্হিত অগপৰ মুখ্য কাৰ্য্যালয়ত বৃহস্পতি বাৰে অগপ, বিজেপিৰ আলোচনা । মিত্ৰতাৰ পাছত নিৰ্বাচনী ৰণকৌশলক লৈ আলোচনা অগপ আৰু বিজেপিৰ । এই বৈঠকত উপস্থিত থাকে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, বিজেপিৰ কেন্দ্ৰীয় নেতা মহেন্দ্ৰ সিং, সাংসদ কামাখ্যা প্ৰসাদ তাছা ৰ লগতে অগপৰ মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফনীভূষন চৌধৰী , দলৰ বিধায়ক আৰু শীৰ্ষ দলীয় নেতৃত্ব। এই আলোচনাতে নিৰ্বাচনৰ প্ৰাকক্ষণত দলীয় কৰ্মী সকলক সক্ৰিয় কৰি তুলিবলৈ আলোচনা কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৈ বৈঠকত মিলিত হোৱাৰ কথাও আলোচনা কৰে ।

আলোচনাৰ পাছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে যে অগপৰ নেতৃত্বই বৃহস্পতি বাৰে দলীয় কৰ্মী সকলক লৈ নিৰ্বাচনী ৰনকৌশল আলোচনাৰ বাবে মাতিছিল । সেয়েহে বিজেপিৰ শীৰ্ষ নেতা সকল অগপৰ কাৰ্যালয়ত উপস্থিত হয় । শুকুৰবাৰে অগপৰ নেতৃত্বই হেঙাৰাবাৰী স্হিত বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় ।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি