Begin typing your search above and press return to search.

নিশা ৰাজ্যৰ ৫ টা স্হানত বিধ্বংসী অগ্নিকাণ্ড:নীলাচল পাহাৰত বনজুই

নিশা ৰাজ্যৰ ৫ টা স্হানত বিধ্বংসী অগ্নিকাণ্ড:নীলাচল পাহাৰত বনজুই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Feb 2019 8:58 AM GMT

ৰাজ্যৰ ৫টা স্থানত নিশা বিধ্বংসী অগ্নিকাণ্ড। মহানগৰীৰ নীলাচল পাহাৰত বনজুই। বনজুইৰ পৰা ৰক্ষা নিলাচল পাহাৰৰ আবাসীক সকলৰ আবাস গৃহ ।সঞ্জীৱনী আৰু স্বাগত হাস্পতালৰ পাছফালে বনজুই। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে বন জুই।

মহানগৰীৰ সাতমাইলতো নিশা বন জুই।বনজুইয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ আগতে অগ্নিনিৰ্ব্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । ফাগুনৰ শুকান বতাহৰ বাবে ৰাজ্যৰ ৫ টাকৈ স্হানত বিধ্বংসী অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছে ।

APRO পথৰ দাঁতিত থকা AEIৰ পাহাৰত বন জুই। অৱশ্যে সৌভাগ্যবশতঃ ক্ষতি নহ’ল কোনো লোকৰ ঘৰ। নিশাৰ ভাগত এক আতংকময় পৰিবেশৰ সৃষ্টি হয় । গুৱাহাটীৰে ৩ ঠাইত বিধ্বংসী অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছে ।

কলিয়াবৰতো নিশা ভয়ংকৰ অগ্নিকাণ্ড। পুৱতি নিশা মিৰিভেটিত বিধ্বংসী জুই। অগ্নিকাণ্ডত ৩খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত। সোমেশ্বৰ বৰা নামৰ এজনৰ দোকানত জুইৰ সুত্ৰপাত। এখন চাইকেল মেৰামতিৰ দোকান আৰু ষ্টৰ ৰূম জাহ যায় জুইত। ১৫ লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত ভস্মীভূত। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সন্দেহ ৰাইজৰ। ঘটনাস্থলীত ৩খনকৈ অগ্নি-নিৰ্বাপক বাহিনী উপস্থিত অগ্নি নিৰ্বাপন কৰে।

ইফালে ধেমাজিৰ চিলাপথাৰতো নিশা বিধ্বংসী অগ্নিকাণ্ড। নগৰখনৰ এটা গুদামঘৰত জুইৰ সূত্ৰপাত। ৰাজেশ চাহু আৰু দত্ত এণ্ড চন্সৰ নামত আছিল গুদামঘৰটো। গুদামঘৰৰ লগতে আন কেইবাখনো দোকান ভস্মীভূত অগ্নিকাণ্ডত। চিলাপথাৰ আৰু লিকাবালিৰ অগ্নিনিৰ্বাপকৰ গাড়ীৰে জুই নিৰ্বাপন কৰে।

অগ্নিনিৰ্বাপক বাহিনীৰ আহ্বান পাহাৰ এলেকাত বাস কৰা আবাসীক সকলে জংঘল চাফ চিকুণ কৰি পৰিষ্কাৰ কৰি ৰাখে যাতে। শুকান বতৰৰ বাবে এই বন জুই সুত্ৰপাত হৈছে বুলি প্ৰকাশ কৰে|

Next Story
চাকৰি