Begin typing your search above and press return to search.
অচিনাক্ত বাহনৰ খুন্দাত থিতাতে প্ৰাণ গ'ল যুৱকৰ

অচিনাক্ত এখন দ্ৰুতগতিত অহা বাহনৰ খুন্দাত থিতাতে প্ৰাণ গল এজন ১৮ বছৰীয়া যুৱকৰ।ঘটনা কৰিমগঞ্জৰ চান্দখিৰা অঞ্চলৰ।আজি ৰাতিপুৱা ঘৰৰ পৰা দোকানত যাওঁতে এখন দ্ৰুতবেগী বাহনে শৰণ গোৱালা নামৰ যুৱকক খুন্দা মাৰে ফলত ঘটনাস্থলীত মৃত্যু হয় শৰণৰ।ঘটনাৰ পিছত উত্তেজিত ৰাইজে দুটাকৈ ৰাষ্ট্ৰীয় ঘাইপথ যথাক্ৰমে অসম আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথ আৰু চন্দখিৰা ফটিকৰায় ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ গড়ি তোলে।তেওঁলোকৰ দাবী এটাৰ পিছত এটা দুৰ্ঘটনা হোৱাৰ পিছতো পৰিবহন বিভাগৰ ফালৰ পৰা কোনো ব্যৱস্থা লোৱা হোৱা নাই।অপ্ৰশিক্ষনপ্ৰাপ্ত চালক আৰু দ্ৰুতগতিত চলি থকাৰ ফলতে এটাৰ পিছত এটা দুৰ্ঘটনা সংঘটিত হৈছে।
Next Story