অজয় দেৱগণৰ পিতৃ তথা পৰিচালক বীৰু দেৱগণৰ মুম্বাইত দেহাৱসান

অজয় দেৱগণৰ পিতৃ তথা পৰিচালক বীৰু দেৱগণৰ মুম্বাইত দেহাৱসান
Published on

জনপ্ৰিয় অভিনেতা অজয় দেৱগনৰ পিতৃ অথা পৰিচালক বীৰু দেৱগনে আজি মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে । বীৰু দেৱগণে বলীউড ছবিত ষ্টাণ্ট পৰিচালক হিচাপে কাম কৰিছিল । আজি সন্ধিয়া ৬ বজাত ভিলে পাৰ্লত শেষকৃত সম্পন্ন কৰা হব ।

"লাল বাদশ্বাহ" আৰু " ইশ্বক"ৰ দৰে প্ৰায় ৮০ খন ছবিত কাম কৰিছিল । ১৯৯৯ চনত " হিন্দুস্তান কি কচম" নামৰ ছবি খনৰ পৰিচালনা কৰিছিল । ছবিখনত অভিনয় কৰিছিল অমিতাভ বচ্ছন, অজয় দেৱগণ আৰু মনিষা কৈৰালায়ে ।

তেওঁৰ কেইখনমান জনপ্ৰিয় ছবি " দিলৱালে" (১৯৯৪) , "হিম্মাতৱালা "(১৯৮৩) , " শ্বেহেনশ্বাহ"(১৯৮৮)ৰ লগতে অন্যান্য ।

পিতৃৰ অসুস্থতাৰ বাবে অজয় দেৱগণে যোৱা ১৫ দিনত কেইবাটাও প্ৰমোচনেল অনুষ্ঠান বাতিল কৰে ।

বীৰু দেৱগনৰ দেহাৱসানত বলীউড জগত খনত শোকৰ ছাঁ পৰিছে । বিভিন্ন জনে শোক প্ৰকাশ কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com