Begin typing your search above and press return to search.

অতি সোনকালে নিৰ্মান হ'ব ৩৩,০০০ ব্যক্তিগত শৌচালয়

অতি সোনকালে নিৰ্মান হব ৩৩,০০০ ব্যক্তিগত শৌচালয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Sep 2018 8:10 AM GMT

ডিব্ৰুগড় জিলাত স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গতত ৩৩,০০০ ব্যক্তিগত শৌচালয় নিৰ্মানৰ কাম শেষ কৰিব অহা অক্টোবৰ মাহৰ ভিতৰত।যোৱা বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ আলোচনা কক্ষত জিলা বিকাশ কমিটীৰ এখন সভা অনুষ্ঠিত হয়। উপায়ুক্ত লয়া মাদ্দুৰীয়ে আলোচনা সভা খন সম্বোধন কৰি কয় যে ৰাইজৰ মাজত অতি বহুল ভাৱে সজাগতাৰ সৃষ্টি হ'ব লাগে যাতে ডিব্ৰুগড় ৰাজ্যৰ ভিতৰতে এখন অন্যতম পৰিশোধন মুক্ত জিলা হিচাপে পৰিনত হ'ব।

ইয়াৰ উপৰিও তেওঁ জিলা খনৰ বিভিন্ন বিভাগ যেনে, জলসিঞ্চন,কৃষি,স্বাস্থ্য,সমাজ কল্যান,গড়কাপ্তানী আৰু পঞ্চায়ত আৰু গাৱঁৰ বিকাশ মূলক সমূহৰ বাবে বিকাশমূলক পদক্ষেপৰ লোৱাৰ বাবে আলোচনাও কৰে।সভা খনত উন্নয়ন আয়ুক্ত যাদৱ শইকীয়া,অতিৰিক্ত জিলা উপায়ুক্ত ড° লক্ষ্মীপ্ৰিয়া,সঞ্জয় দত্ত,সৌৱন গোৱালা,দিপু কুমাৰ ডেকা, আৰু সুশান্ত কুমাৰ দত্তই অংশ গ্ৰহন কৰে।

Next Story
চাকৰি