Begin typing your search above and press return to search.

অনন্যা পাণ্ডে আমাৰ হনীমুন বেবীঃ চাংকি পাণ্ডে

অনন্যা পাণ্ডে আমাৰ হনীমুন বেবীঃ চাংকি পাণ্ডে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 May 2019 12:21 PM GMT

অন্যন্যা আমাৰ হনীমুন বেবী ৷ এই মন্তব্য বলীউডৰ অভিনেতা চাঙ্কী পাণ্ডে আৰু পত্নী ভাৱনা পাণ্ডেৰ ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাতকাৰত বলীউডৰ ছবি ষ্টুডেন্ট অৱ দ্য ইয়েৰ ২ৰ জৰিয়তে পদাৰ্পন কৰা অনন্যা পাণ্ডেৰ সন্দৰ্ভত মন্তব্য কৰি অনন্যাৰ অভিভাৱক চাংকি আৰু ভাৱনাই কয় যে আমাৰ ১৯৯৮ চনৰ জানুৱাৰী বিয়া হৈছিল আৰু অনন্যা ১৯৯৮ চনৰ অক্টোবৰত জন্ম হৈছিল ৷

লগতে পুৰণি কথা সুঁৱৰি অনন্যা মাতৃ ভাৱনাই কয় যে মোৰ এতিয়াও মনত আছে যে সকলো লোকেই মাহ আৰু দিন হিছাপ কৰিছিল । তেওঁলোকে হিচাপ কৰিছিল যে মই সন্তানসম্ভৱা বিয়াৰ আগত হ’লো নে পিছত। গতিকে এই সকলো বোৰ ঘটনা অতি হাস্যকৰ ৷ ইফালে অনন্যা পাণ্ডেৰ পিতৃ মাতৃও তেওঁলোকৰ অভিভাৱকৰ বিয়াৰ ৯ মাহ ১৬ দিন পিছত জন্ম হৈছিল ৷ এইটো তেওঁলোকৰ পৰিয়ালৰ এটি বিশেষ সংযোগ বুলি কয় অনন্যাৰ মাতৃয়ে ৷ যেতিয়া অনন্যা মাতৃৰ গৰ্ভত আছিল তেতিয়া মাতৃয়ে জানিছিল যে ছোৱালীয়ে জন্ম হ’ব ৷

সেই সময়ত ডক্টৰৰ ওচৰত গৈ সন্তানৰ লিংগৰ কথা জানিব পাৰিছিল ৷ সেয়েহে অনন্যাৰ মাতৃয়ে ডক্টৰক এই সন্দৰ্ভত সুধিছিল ৷ যাতে জন্মৰ আগতেই শিশুৰ কাপোৰ, ৰুম আদি বস্তু সমূহ ক্ৰয় কৰিব পাৰে ৷ সকলোৰে এটা লক্ষ্য থাকে ৷ এই সন্দৰ্ভত অনন্যা পাণ্ডেৰ মাতৃয়ে কয় যে চাংকি পাণ্ডেৰ মাতৃৰ ডা° স্নেহলতা পাণ্ডেৰ দৰে কেতিয়াও অনন্যাই চিকিৎসক হ’ব বিচৰা নাছিল ৷সৰুৰে পৰা অনন্যাই এগৰাকী অভিনেত্ৰী হোৱাৰ সপোন দেখিছিল ৷আৰু যিকোনো অনুষ্ঠান অনন্যা কৰা নৃত্য সকলোৱে প্ৰশংসা কৰিছিল ৷

ষ্টুডেন্ট অৱ দ্য ইয়েৰৰ অনন্যা প্ৰথম অভিনয় কৰিবলৈ সুযোগ পোৱাৰ সন্দৰ্ভত মাতৃয়ে কয় যে কৰণ জোহৰৰ এই ছবিখনৰ অডিশ্যন আৰম্ভ হৈছিল ৷ইয়াৰ মাজতে ছবিখনৰ ডাৰেক্টৰ পুনিত মালহোত্ৰাৰ সন্মুখত অনন্যাই অ’ডিশ্যন দিয়ে ৷ যেতিয়া আমি পেৰিছত আছিলো তেতিয়া আমি জানিছিলো যে অনন্যাক এই ছবিখনত সুযোগ দিয়া হৈছে ৷ ইয়াতকৈ সুখৰ খবৰ সেইসময়ত আমাৰ কাৰণে একোৱেই নাছিল ৷এই মন্তব্য অনন্যাৰ মাতৃৰ ৷ ২০ বছৰীয়া অনন্যাৰ বাহিৰেও চাংকি পাণ্ডে আৰু ভাৱনা পাণ্ডেৰ ১৫ বছৰীয়া এজনী ছোৱালীও আছে ৷

পুনিত মালহোত্ৰাৰ ছবি ষ্টুডেণ্ট অৱ দ্য ইয়েৰত শ্ৰেয়া নামৰ এক চৰিত্ৰত অভিনয় কৰিছে অনন্যা পাণ্ডেই ৷ অনন্যা পাণ্ডেৰ লগতে ছবিখনত অভিনয় কৰিছে তাৰা চুতাৰিয়া আৰু টাইগাৰ শ্ৰফে ৷ ছবিখনত অনন্যা ৰ চৰিত্ৰটো বাস্তৱিক জীৱনৰ লগত সম্পৰ্কিত ৷ অনন্যা পাণ্ডেই আশা কৰিছে যে দৰ্শকে তেওঁক আদৰি ল’ব ৷ লগতে অভিনেত্ৰী গৰাকীয়ে কয় যে মই সকলো আৰম্ভনিৰ পৰা শিকিব নিবিচাৰোঁ ৷মই ভূল কৰি শিকিব বিচাৰোঁ ৷

অন্যহাতে কৰণ জোহৰৰ কফী উইথ কৰণ অনুষ্ঠানটোত টাইগাৰ শ্ৰফৰ লগতে আহিছিল অন্যন্যা ৷ এই অনুষ্ঠানত অন্যন্যাই কয় যে কৰণ জোহৰৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ মই উৎসাহী যদিও ৷ মই তেনেধৰণে একো কাম কৰা নাই ৷ যাৰ কাৰণে মই এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিম ৷ মই ভাগ্যৱান যে মোৰ দেউতা এজন অভিনেতা ৷ আৰু অভিনয় কৰিবলৈ মোৰ সৌভাগ্য হৈছে ৷ অন্যন্যা পাণ্ডে হৈছে বলীউডৰ অভিনেতা চাকি পাণ্ডেৰ জীয়ৰী ৷ ছবিখনৰ পিছত অন্যন্যাক দেখিবলৈ পোৱা যাব কাৰ্তিক আয়ান আৰু ভূমি পাদনেকাৰৰ সৈতে পতি পত্নী আৰু ৱ’ ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story