Begin typing your search above and press return to search.

অনাগত নিৰ্বাচনত এইচপিচি পেপাৰ মিলৰ এক বিশেষ সিদ্ধান্ত

অনাগত নিৰ্বাচনত এইচপিচি পেপাৰ মিলৰ এক বিশেষ সিদ্ধান্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 April 2019 9:39 AM GMT

অনাগত নিৰ্বাচনত এইচপিচি পেপাৰ মিলৰ এক বিশেষ সিদ্ধান্ত ৷ দ্য এইচপিচি পেপাৰ মিল ৰিভাইভেল এক্সন কমিটীয়ে ভোটদাতাসকলক তেওঁলোকক কৰা বিশ্বাসঘাতক সন্দৰ্ভত অনাগত নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনায়। বুধবাৰে এই আহ্বান জনায় মুখ্য সংযোজক আনন্দ বৰদলৈয়ে ৷ মুখ্য সংযোজক আনন্দ বৰদলৈয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তিনি বছৰৰ পূৰ্বতে হিন্দুস্তান পেপাৰ কৰ্পৰেছনৰ কাছাৰ আৰু নগাঁৱৰ পেপাৰ মিলক পুনৰোজীবিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷

আনন্দ বৰদলৈয়ে নগাঁৱৰ পেপাৰ মিলৰ সন্দৰ্ভত সংবাদমাধ্যমৰ আগত চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ কথা কয় ৷ ইয়াৰ পৰিণামত দুয়োটা পেপাৰ মিলৰ কৰ্মচাৰী সকলে অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হয়৷ ইয়াৰ ভিতৰত ৫১ জন লোকে প্ৰথমতেই মৃত্যুক সাৱাটি লোৱাৰ লগতে অন্য দুজনে আত্মহত্যাৰ পথ বাছি লৈছে ৷ এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত চৰকাৰক দোষী সাব্যস্ত কৰি বৰদলৈয়ে কয় যে চৰকাৰৰ অৱহেলাৰ কাৰণে ৰাজ্যবাসীৰ সন্মুখত এই গম্ভীৰ বিষয়টো আনিবলৈ বাধ্য হৈছো ৷

কাছাৰ কমিটীৰ সংযোজক দীপক চন্দ্ৰ নাথে কয় যে চৰকাৰে বহু লাভজনক উদ্যোগ বিক্ৰী কৰিবলৈ ষড়যন্ত্ৰ কৰিছে ৷ বেচৰকাৰী উদ্যোগৰ লাভৰ কাৰণে চৰকাৰে ২০১৫ চনৰ ২০ অক্টোবৰত কাছাৰ পেপাৰ মিলৰ উৎপাদন কাৰ্যত প্ৰতিবন্ধকতা আৰোপ কৰে ৷ আৰু ২০১৭ চনৰ ১৩ অক্টোবৰত নগাঁও পেপাৰ মিলৰ কাম কাজৰ ওপৰতো প্ৰতিবন্ধকতা আৰোপ কৰে ৷ইফালে ২০১৬ চনত নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৰাক ভেলীৰ পঞ্চগ্ৰামত ৩২.০০০ লঘু আৰু গুৰু উদ্যোগ মুকলি কৰাৰ কথা আশ্বাস দিছিল ৷এনেদৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ২০১৭ চনৰ ১৮ নৱেম্বৰত নমানি বৰাক উৎসৱৰ সময়ত আশ্বাস প্ৰদান কৰিছিল ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে অনাগত ছমাহৰ ভিতৰত পেপাৰ মিলৰ উৎপাদন আৰম্ভ হ’ব। আৰু তিনিমাহৰ ভিতৰত কৰ্মচাৰীসকলে বেতন লাভ কৰিব ৷ কিন্তু সেই আশ্বাস সম্প্ৰতি মিথ্যাছাৰলৈ পৰিণত হয় ৷ অৱশ্যে ২০১৮ চনৰ ২৭ আগষ্ট হিন্দুস্তান পেপাৰ মিলৰ কৰ্মচাৰীসকলক বেতনৰ কাৰণে ৯০ কোটি টকা মঞ্জুৰী দিছিল যদিও কিন্তু সেয়া টকা সম্প্ৰতি মোকলাই দিয়া নাই।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি