অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফন্ট অৰ্থাৎ এআইইউডিএফে (AIUDF) কেৱল তিনিখন সংসদীয় আসনৰ কাৰণে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। সোমবাৰে দলৰ মুখ্য কাৰ্যালয়ত এই ঘোষণা কৰে এআইইউডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে ৷ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা তিনি খন আসনৰ ভিতৰত আছে ধুবুৰী,বৰপেটা আৰু কৰীমগঞ্জ। দলৰ মুখ্য নেতা বদৰুদ্দিন আজমলে ধুবুৰী, বৰপেটাৰ পৰা হাফিজ ৰফীকুল ইছলাম আৰু কৰিমগঞ্জৰ পৰা ৰাধেশ্যাম বিশ্বাসে প্ৰতিদ্বন্দিতা কৰিব লোকসভা নিৰ্বাচনত ৷
ইফালে ২০১৪ চনৰ নিৰ্বাচনত এআইইউডিএফে সাতখন আসনৰ কাৰণে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। ২০১৪ চনৰ এআইইউডিএফক চাৰিখন অন্যান্য আসনৰ ভিতৰত আছিল মঙলদৈ,কলিয়াবৰ, নগাঁও আৰু শিলচৰ ৷অৱশ্যে এইবাৰ এই চাৰিখন লোকসভা আসনৰ পৰা কোনো এজনেও প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছে ৷ ৰফিকুল ইছলামে এই সম্পৰ্কত কয় যে দলে বিজেপিক পৰাজয় কৰিবৰ কাৰণে আৰু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কক বিৰোধ কৰিবৰ কাৰণে লোকসভা আসনসমূহত কোনো অন্য প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছে।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত মন্তব্য কৰি ৰফিকুল ইছলামে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখনক অসম গণ পৰিষদে বিৰোধ কৰিছিল যদিও সম্প্ৰতি বিজেপি লগত অগপৰ মিত্ৰতা হ’ল ৷ এতিয়াও বিজেপি বিধেয়কখনৰ পক্ষতে আছে ৷ লগতে নেতাজনে সকলো ভোটদাতাক উচিত প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান জনায় ৷ কংগ্ৰেছৰ লগত মিত্ৰতা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত ইছলামে এই সমগ্ৰ বিষয়টোক নসাৎ কৰে ৷ লগতে কয় যে কৰীমগঞ্জত কংগ্ৰেছ দলে প্ৰথমতেই নিজৰ প্ৰাৰ্থী ঘোষণা কৰিলে ৷ কিন্তু সেই আসনৰ কাৰণে আমাৰ প্ৰাৰ্থীও আছে ৷ ইয়াৰ উপৰিও কংগ্ৰেছৰ বৰপেটা আৰু ধুবুৰী সংসদীয় আসনৰ কাৰণে প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ এতিয়া বাকী আছে ।
২০১৪ চনত যেতিয়া আমি সাত খন আসনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিলো তেতিয়া কংগ্ৰেছে অভিযোগ কৰিছিল যে আমাৰ বিজেপিৰ লগত গোপন বুজাবুজি আছে ৷ আৰু এইবাৰ আমি যেতিয়া লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত ল’লো তেতিয়া বিজেপিয়ে অভিযোগ কৰিছে যে এআইইউডিএফে কংগ্ৰেছৰ বি টিমৰ ৰূপত কাম কৰি আছে ৷ কিন্তু সত্য কথাটো এয়ে যে আমি আমাৰ দলৰ সিদ্ধান্ততেই সকলো কাম কৰি আছো ।লগতে হাফিজ ৰফিকুল ইছলামে কয় যে কংগ্ৰেছে বৰপেটাত নিজৰ অভিযান আৰম্ভ কৰিলে ৷ গতিকে বিজেপি অথবা এআইইউডিএফ, কাৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব সেই সিদ্ধান্ত হ’ব কংগ্ৰেছে ।
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি