অনুষ্ঠিত হৈ গ’ল কমেডীয়ান কপিল শৰ্মাৰ বিয়া: ১৪ আৰু ২৪ ডিচেম্বৰত পাৰ্টি

অনুষ্ঠিত হৈ গ’ল কমেডীয়ান কপিল শৰ্মাৰ বিয়া: ১৪ আৰু ২৪ ডিচেম্বৰত পাৰ্টি
Published on

সম্প্ৰতি বলীউডত যেন বিয়াত ধুম উঠিছে ৷ দীপিকা পাডুকন-ৰনৱীৰ সিং,প্ৰিয়াংকা চোপ্ৰা নিক জোন্সৰ পিচত এইবাৰ জনপ্ৰিয় কমেডীয়ান কপিল শৰ্মাৰ বিয়া অনুষ্ঠিত হৈ গ’ল ৷ ১২ ডিচেম্বৰত গাৰ্লফেণ্ড গিন্নী চতৰথ লগত বিবাহ সম্পন্ন হয় কপিল শৰ্মাৰ। সম্প্ৰতি দুয়োজনৰে বিয়াৰ ফ’টো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত ৷

সেউজীয়া আৰু সোনালী ৰং মিশ্ৰিত শ্বেৰৱানী,মূৰত পাগুৰি, হাতত পৰম্পৰাগত ভাৱে লোৱা তৰোৱাল আদিৰে অত্যন্ত সুন্দৰ দেখাইছিল কপিল শৰ্মাক ৷ অন্যহাতে, গিন্নী চতৰথক ৰেড আৰু সোনালী বৰণ মিশ্ৰিত ৰঙৰ লেহেংগাত অত্যন্ত অতি সুন্দৰ লাগিছিল কপিল শৰ্মাৰ গাৰ্লফ্ৰেণ্ড তথা হ’বলগীয়া পত্নীক ৷ ইফালে, বিয়াৰ পিছত কপিল শৰ্মাই অনুষ্ঠিত কৰিছে বিয়াৰ পাৰ্টি ৷

প্ৰথমটো পাৰ্টি হ’ব ১৪ ডিচেম্বৰত অমৃতসৰত ৷ এই পাৰ্টিটোত উপস্থিত থাকিব কপিল আৰু গিন্নীৰ পৰিয়ালৰ লোকৰ লগতে তেওঁলোকৰ বন্ধু বান্ধৱীসকল ৷ দ্বিতীয়টো পাৰ্টি অনুষ্ঠিত হ’ব মুম্বাইত ২৪ ডিচেম্বৰত ৷ এই পাৰ্টিটোত উপস্থিত থাকিব বলীউডৰ বহু তাৰকা উপস্থিত থাকিব৷ জনপ্ৰিয় কমেডীয়ান কৃষ্ণা অভিষেক,সুমনা চক্ৰৱৰ্তী,ভাৰতী সিং,আৰতী সিং,ৰাজীৱ ঠাকুৰ,গায়িকা ৰিচ্ছা শৰ্মা আদি ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com