জি এম চি এইচ প্ৰেক্ষাগৃহত 'অন্ন' আচনি মুকলি

জি এম চি এইচ প্ৰেক্ষাগৃহত 'অন্ন' আচনি মুকলি

আজি জি এম চি এইচ (GMCH) প্ৰেক্ষাগৃহত 'অন্ন' আঁচনি মুকলি কৰে । অসম বাজেট ২০১৯ ত অসম বিধানসভাত ঘোষণা কৰা হৈছিল । আজি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উন্মোচন কৰে অন্ন আচনি খন । এই আচনি খনত ৰাজ্যৰ ২'৫ কোটি পৰিয়ালে ১ মাৰ্চৰ পৰা ১ টকীয়া চাউল লাভ কৰিব বুলি জনাই । এইবাৰ বাজেটত অন্ন আচনি খনৰ বাবে ৩৩০ টকা ধাৰ্য কৰা হৈছে । এই আঁচনিৰ জৰিয়তে বাগিছাৰ ৪ লাখ পৰিয়াললৈ যোগান ধৰা হব বিনামূলীয়া চাউল । ৰাজ্যৰ মুঠ ২,৪৮,৮৯,১৮২ হিতাধিকাৰীক সামৰি লব এই আচনিৰ জৰিয়তে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com