অপহৃত পশু পামৰ গৰাকীক উদ্ধাৰ, আলফা জড়িত থকাৰ সন্দেহ

তিনিচুকীয়াত বৃদ্ধি পোৱা অপহৰণ, ধনদাবী ঘটনাই জিলাখনৰ আৰক্ষী বিভাগক সচেতন কৰি তুলিছে। তিনিচুকীয়া জিলাৰ পৰা অপহৃত পশু পামৰ গৰাকীক মংগলবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অসম আৰক্ষী, ভাৰতীয় সেনা আৰু চিআৰপিএফৰ জোৱানৰ সন্মিলিত এক অভিযানত অপহৰণৰ ৪৮ ঘন্টা পিছত খেম বাহাদুৰ ছেত্ৰী নামৰ পশু পামৰ গৰাকী জনক অভিজান কাৰী দলটোৱে সোশৰীৰে উদ্ধাৰ কৰে। অভিযান কাৰী দলটোৰ নেতৃত্ব প্ৰদান কৰিছিল শদিয়া আৰক্ষীৰ অধীক্ষক দেৱজিৎ গগৈয়ে। অভিযান কাৰী দলটোৱে দীৰ্ঘ সময় ধৰি অভিযান চলাই অপহৃত খেম বাহাদুৰ ছেত্ৰীক অক্ষত অবস্থাত মংগলবাৰে পশ্চিম ছৈখোৱা অঞ্চলৰ নাওঁ দিহিং নৈৰ পাৰৰ মাছবাৰী গাওঁত থকা এক গুদাম ঘৰৰ পৰা উদ্ধাৰ কৰে। অভিযান কাৰী দলটোৱে অভিযানৰ সময়ত দুজন সন্দেহযুক্ত লোককো আটক কৰে। আটকাধীন লোক দুজন জয়ন্ত দত্ত(২৮) আৰু আনন্দ গোৱালা (২৮)বুলি চিনাক্ত কৰা হৈছে। দুয়োজনকে ছেত্ৰীক অপহৰণ কৰাৰ সন্দেহত আটক কৰা হৈছে। আৰক্ষীয়ে অন্য কোনো লোকক এতিয়ালৈ এই ঘটনা সন্দৰ্ভত আটক কৰা নাই। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি যদিও দুয়োজনকে অপহৰণৰ সন্দেহত আটক কৰা হৈছে, আনন্দ গোৱালাই এসময়ত খেম বাহাদুৰ ছেত্ৰীৰ পশু পামত তত্বাবধায়ক হিচাপে কাম কৰিছিল। আৰক্ষীৰ প্ৰাথমিক সোধ পোছত আনন্দ গোৱালাই ধূনু মৰাণ নামৰ এজন লোকৰ লগত চিনাকী হৈছিল আৰু ধূনু মৰাণে তেওঁক এজন অস্ত্ৰধাৰী লোকৰ নিৰ্দেশত চলাৰ নিৰ্দেশ প্ৰদান কৰিছিল। আনহাতে আটক হোৱা অন্য এজন অভিযুক্ত জয়ন্ত দত্তক এজন ড্ৰাগছ আসক্ত ব্যক্তি বুলি ধাৰণা কৰা হৈছে। জয়ন্ত দত্ত আটক হোৱাৰ পিছতে অসুস্থ হৈ পৰাত ডিব্ৰুগড় চিকিৎসা হাস্পতালত ভৰ্তি কৰা হৈছে। আৰক্ষী অধীক্ষক দেৱজিৎ গগৈয়ে সদৰি কৰা অনুসৰি দুয়োজন আটক হোৱা দুয়োজন লোক সাধাৰম দুৰ্বিত্ত এওলোকৰ লগত আলফাৰ কোনো ধৰণৰ সম্পৰ্ক নাই। গগৈয়ে অপহৰণৰ লগত জড়িত অন্য ব্যক্তি সকলকো অতিশীঘ্ৰে কৰায়ত্ত কৰা হব বুলি মন্তব্য কৰে। স্থানীয় লোকে ঘটনা সন্দৰ্ভত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছিল। তিনিচুকীয়া জিলাত বৰ্তমান আলফা স্বাধীনে ধন দাবী, অপহৰণ অব্যাহত ৰাখিছে। ইয়াৰ পূৰ্বেও তিনিচুকীয়া জিলাৰ এটা শিলৰ খনিৰ পৰা কৰ্মৰত শ্ৰমিক এজনক আলফাই আটক কৰিছিল, কিন্তু পৰবৰ্তী পৰ্য্যায়ত শ্ৰমিকজনক আলফাই বিনাচৰ্তে মুকলি কৰি দিছিল। তিনিচুকীয়া আৰক্ষীয়ে ভাৰতীয় সেনা বাহিনী আৰু চিআৰপিএফৰ সহযোগত আলফা স্বধীনৰ কাৰ্য্যকলাপক নিয়ন্ত্ৰণ কৰাৰ বাবে ক্ৰমাগত অভিযান চলাই আহিছে। উল্লেখ্য যে উজনি অসমত ক্ৰমাৎ সক্ৰিয় হৈ পৰিছে আলফা স্বাধীন।
অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি