Begin typing your search above and press return to search.

অপৰাধ মুলক কাৰ্যকলাপৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰাপত্তা সম্পৰ্কীয় পৰ্যালোচনা

অপৰাধ মুলক কাৰ্যকলাপৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰাপত্তা সম্পৰ্কীয় পৰ্যালোচনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 May 2019 7:52 AM GMT

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শীৰ্ষ আৰক্ষী বিষয়াৰ লগত অপৰাধমুলক কাৰ্যকলাপৰ বিৰুদ্ধে নিৰাপত্তা সম্পৰ্কীয় পৰ্যালোচনা কৰে ।

গৃহ বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে আৰক্ষীৰ লগত এক উচ্চ পৰ্যায়ৰ বৈঠকৰ মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।

এই বৈঠকত গুৱাহাটীত অপৰাধমুলক কাৰ্যকলাপৰ বিৰুদ্ধে আৰু নিৰাপত্তা দিশত গুৰুত্বপূৰ্ণ পৰ্যালোচনা কৰা হয় । মুখ্যমন্ত্ৰীয়ে লগতে প্ৰকাশ কৰে যে চাইবাৰ অপৰাধৰ পৰা সৃষ্টি হব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সষ্টম থাকিবলৈ নিৰ্দেশ দিয়ে । এই কাণ্ডত মহিলা অথবা শিশুকো ব্যবহাৰ কৰাৰ সম্ভাৱনা ব্যক্ত কৰে।

প্ৰেছ বিবৃতি মতে, মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগক গুৱাহাটীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিবৰ বাবে নিৰ্দেশ দিয়ে । চহৰ খনৰ আইন শৃংখলাৰ ক্ষেত্ৰত সন্তুষ্টি ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেষ গোস্বামী, তেওঁৰ ন্যায়িক নিৰ্দেশক শান্তনু ভঁৰালী, নিৰাপত্তা নিৰ্দেশক ৰঞ্জিত কুমাৰ পাচনান্দা, ডি জি পি কুলধৰ শইকীয়া, গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণাৰ লগতে বহুকেইজন শীৰ্ষ বিষয়া উপস্থিত থাকে এই বৈঠকত।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি