মদ মুক্ত অসম দাবী সমিতি আৰু বৃহতৰ অসমীয়া যুৱ মঞ্চৰ গোলাঘাট জিলা সমিতিয়ে বৃহস্পতিবাৰে উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মূখত গোলাঘাট জিলাৰ বিভিন্ন স্থানত চলি থকা অবৈধ গুড়ৰ ব্যৱসায়ৰ বিৰুদ্ধে দুঘন্টীয়া ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ন কৰে।প্ৰতিবাদকাৰীয়ে সংশ্লিষ্ট বিভাগৰ লগতে জিলা প্ৰশাসনে গুড়ৰ ব্যৱসায় বন্ধ কৰিব নোৱাৰা বাবে শ্লোগান দিয়ে।মদ মুক্ত অসম দাবী সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰবিন দাসে কয় যে জিলাখনৰ বিভিন্ন অঞ্চলত চুলাই বনাবৰ বাবে ব্যৱহাৰ হোৱা এচাম অসাধু চক্ৰই অবৈধ গুড়ৰ ব্যৱসায় চলাই আহিছে।অসমৰ বাহিৰৰ ৰাজ্যৰ পৰাও ইয়ালৈ আমদানী হয়।সংগঠন দুটাই উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰি দাবী জনাই যে অতি সোনকালে আবকাৰী বিভাগে অবৈধ গুড়ৰ ব্যৱসায় বন্ধ কৰাৰ লগতে অন্য ৰাজ্যৰ পৰা আমদানী বন্ধ কৰিব লাগে আৰু কুঁহিয়াৰ খেতিয়ক সকলক সহায় কৰিব লাগে।
Begin typing your search above and press return to search.