Begin typing your search above and press return to search.

অবৈধ বিদেশীক পুনৰ আটক কৰিব নোৱাৰিব: উচ্চতম ন্যায়ালয়

অবৈধ বিদেশীক পুনৰ আটক কৰিব নোৱাৰিব: উচ্চতম ন্যায়ালয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Feb 2019 7:29 AM GMT

অবৈধ বিদেশীৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰূত্বপূৰ্ণ ৰায়। এজন ব্যক্তি অবৈধ বিদেশী হিচাপে আটক হোৱাৰ পাছত পুনৰ তেওঁক আটক কৰিব নোৱাৰিব আৰু তেওঁক প্ৰত্যাৱৰ্তনৰ ব্যবস্থা কৰিব'লৈ নিৰ্দেশ দিয়ে অসম চৰকাৰক। অবৈধ বিদেশীৰ ভূমিকাক লৈ অসম চৰকাৰক ভৎসনা উচ্চতম ন্যায়ালয়ৰ । মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এল নাগেশ্বাৰা ৰাও আৰু ন্যায়াধীশ সঞ্জিব খানাৰ তিনিজনীয়া বিচাৰপীঠে এই ৰায় দিয়ে ।

ডিটেনচন কেম্প জিলা কাৰাগাৰৰ এটা অংশ।সেয়েহে অবৈধ বিদেশী হিচাপে শাস্তি ম্যাদ শেষ হোৱাৰ পাছত তেওঁলোকক মুক্ত কৰি দিব লাগে বুলি প্ৰকাশ কৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।চলিচিটৰ জেনেৰেল তুষাৰ মেহটাই ডিটেনচন কেম্পৰ সন্দৰ্ভত কিছু সমস্যা উত্থাপন কৰাৰ লগতে অসম চৰকাৰ আৰু মিনিষ্টাৰ অব হম এফেয়াৰ লগত আলোচনাৰ পোষকতা কৰিছে ।

অসমৰ ডিটেনচন কেম্প সমুহৰ অৱস্থাত অতি শোচনীয় বুলি প্ৰকাশ কৰাৰ লগতে লোকসকলক পৰিয়ালৰ লোক অথবা বন্ধুবৰ্গক লগ কৰিবলৈ দিয়া নহয় বুলি তথ্য দিয়ে পৰামৰ্শদাতা প্ৰশান্ত ভূষনে । বিচাৰপীঠে কয় ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ৪০ লাখ অবৈধ প্ৰৱজনকাৰী চিনাক্ত হোৱাৰ সত্ত্বেও কেৱল ৫২,০০০ জন বিদেশী হিচাপে নিশ্চিত হৈছে । ইয়াৰ ভিতৰত ১৬৬ জনক ওভতাই পথিওৱা হয়। এই সন্দৰ্ভতো প্ৰশ্ন কৰে উচ্চতম ন্যায়ালয়ে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি