অবৈধ মাৰনাস্ত্ৰ সহ যুৱকক আটক কৰাকলৈ উত্তপ্ত ডবকা

অবৈধ মাৰনাস্ত্ৰ সহ যুৱকক আটক কৰাকলৈ উত্তপ্ত ডবকা

হোজাই জিলাৰ ডবকা থানাত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ডবকাৰ দহ নং ৱাৰ্ডৰ বাসিন্দা তথা 'হামদান' ফাৰ্মাচিৰ স্বত্বাধিকাৰী আজাদ হুছেইনক যোৱা নিশা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ নিশা অভিযান চলাই এটা পিষ্টল আৰু দুই জাই গুলি সহ আজাদক গ্ৰেপ্তাৰ কৰিছিল ডবকা আৰক্ষী চক্ৰৰ চক্ৰ পৰিদৰ্শক জিয়াউৰ ৰহমানৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে ৷কিন্তু স্থানীয় ৰাইজৰ অভিযোগমতে ষড়যন্ত্ৰমুলকভাৱে ফচোৱা হৈছে যুৱকজনক ৷ একাংশ দালালৰ সৈতে মিলি আৰক্ষীয়ে ষড়যন্ত্ৰ কৰি আজাদক ফচোৱাৰ অভিযোগ তুলি আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে সৰব হৈ পৰে স্থানীয় জনতা ৷

ক্ষুব্ধ জনতাই এইদৰে ডবকা থানাৰ সন্মুখত বহি আৰম্ভ কৰে প্ৰতিবাদ ৷ আৰক্ষী প্ৰশাসন হায় হায় , আৰক্ষী প্ৰশাসন মুৰ্দাবাদ , দালাল ৰাজ বন্ধ কৰক , আজাদক মুক্তি দিয়ক আদি শ্লগানেৰে উত্তাল কৰি তুলে ডবকা থানা ৷ পৰিস্থিতি অতি ভয়ানক হোৱাত হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত অৰূপ পাঠক , হোজাই জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈন, ডবকা ৰাজহ চক্ৰ বিষয়া অনুশুয়া শৰ্মাকে ধৰি উচ্চ পদস্ত বিষয়াসকল উপস্থিত হয় ডবকা থানাত ৷ উচ্চ বিষয়া সকলকো ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ৰাইজ তথা দল সংগঠনে কৰা অভিযোগ অনুসৰি হোজাই জিলাত ব্যাপকভাবে বৃদ্ধি পাইছে দালালৰাজ ৷ আৰক্ষীৰ সৈতে দালালৰ মধুৰ সম্পৰ্কৰ অভিযোগ ৰাইজৰ ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com