Begin typing your search above and press return to search.

ভাৰতৰ বায়ুসেনাৰ ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানক বিনা চৰ্তে দেশক ঘূৰাই পঠিয়াবলৈ আহ্বান

ভাৰতৰ বায়ুসেনাৰ ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানক  বিনা চৰ্তে দেশক ঘূৰাই পঠিয়াবলৈ আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Feb 2019 11:30 AM GMT

বুধবাৰে পাকিস্তানে আটক কৰি লৈ যোৱা বায়ুসেনাৰ ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানক ঘূৰাই পঠাবলৈ পাকিস্তানৰ উচ্চায়ুক্তলৈ আবেদন । বিনা চৰ্তে দেশলৈ ঘূৰাই পঠিয়াবলৈ আহ্বান । ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানক ঘূৰাই দিয়াত কোনো চৰ্তৰ প্ৰশ্নই থাকিব নোৱাৰে বুলি প্ৰকাশ কৰিছে । বুধবাৰে পাকিস্তানৰ বায়ুসেনাক ৰুধিবলৈ গৈ ভাৰতৰ এখন বিমান ভূপতিত হৈছিল । বিমান খনৰ ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্মাথান পাকিস্তানৰ সেনাই আটক কৰি লৈ সক্ষম হয় ।

বুধবাৰে পাকিস্তানস্হিত ভাৰতীয় উচ্চায়ুক্তলৈ পাক বিদেশ মন্ত্ৰালয়ক অভিনন্দন বৰ্থমানক সুকলমে নিজ দেশলৈ উভতাই পঠিয়াবলৈ এক আবেদন জনায় ।লগতে নতুন দিল্লীস্হিত পাকিস্তান উচ্চায়ুক্তকো এখন আবেদন দিয়ে । ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানক আটক কৰি লৈ যোৱাৰ পাছত এটা ভিডিঅ প্ৰকাশ কৰিছে,লগতে আলোকচিত্ৰও প্ৰকাশ কৰিছে । আলোকচিত্ৰত ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানৰ মুখমণ্ডলত তেজেৰে লুটুৰি পুতুৰি হৈ থকা পৰিলক্ষিত হৈছে । জেনেভাৰ চুক্তি মতে শত্ৰু ৰাষ্ট্ৰৰ সেনাক কৰায়ত্ব কৰিলে অত্যাচাৰ কৰিব নোৱাৰে। এই চুক্তিত ভাৰত আৰু পাকিস্তানেও স্বাক্ষৰ কৰিছিল । এই ঘটনাৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বুধবাৰে দুয়োখন দেশৰ মাজত পৰিষ্ঠিতি সুস্থিৰ হোৱাৰ আশা প্ৰকাশ কৰে ।

Next Story
চাকৰি