অভিনেত্ৰী তাপ্সী পান্নুৱে কেনেধৰণৰ ছবিত অভিনয় কৰি ভাল পায় জানো আহক

অভিনেত্ৰী তাপ্সী পান্নুৱে কেনেধৰণৰ ছবিত অভিনয় কৰি ভাল পায় জানো আহক
Published on

জনপ্ৰিয় অভিনেত্ৰী সকলৰ অন্যতম তাপ্সী পান্নুৱে বলীউডত সামাজিক ছবিসমূহত অভিনয় কৰি এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে অভিনেত্ৰী তাপ্সী পান্নুৱে পিংক,নাম শ্বাৱানা আৰু মুল্কৰ দৰে ছবিত অভিনয় কৰি সাফল্য অৰ্জন কৰিছে ৷ এক সাক্ষাৎকাৰত অভিনেত্ৰী গৰাকীয়ে কয় যে, এনেধৰণৰ ছবিসমূহৰ জৰিয়তে সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে ৷ এনে ধৰণৰ ছবিসমূহত অভিনয় কৰিবলৈ পোৱাটো এক আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছে অভিনেত্ৰী তাপ্সী পান্নুৱে।

অৱশ্যে অভিনেত্ৰী তাপ্সী পান্নুৱে কয় যে,তাপ্সীয়ে ব্যতিক্ৰমী ছবিসমূহত অভিনয় কৰাৰ কাৰণেও যথেষ্ট উৎসুক ৷ দৰ্শকসকলে যাতে এনেধৰণৰ ছবিসমূহতেই তাপ্সীক আদৰি লোৱাৰ লগতে অন্যান্য ছবিসমূহতো আদৰি লয় তাৰ কাৰণেও সদা সচেতন অভিনেত্ৰী তাপ্সী ৷ অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে তাপ্সীয়ে সামাজিক মতাদৰ্শ থকা ছবিসমূহ অভিনয় কৰোঁতে উপলব্ধিৰ ভাবনা থাকে ৷তেতিয়া সুখী অনুভৱ কৰে ৷

ইফালে দৰ্শকসকলৰ অভিনয়ক আদৰি লোৱাৰ প্ৰসংগত অভিনেত্ৰী তাপ্সীয়ে পন্নুৱে কয় যে, কোনো এটা কাহিনী নিৰ্বাচন কৰিবলৈ যাওঁতে অভিনেত্ৰী গৰাকীয়ে সিদ্ধান্ত লোৱাট অসুবিধা হয় ৷কাৰণ দৰ্শকসকল মন পৰিৱৰ্তন হৈ থাকে ৷সেয়া সামাজিৰ ছবিয়েই হওঁক বা অন্যান্য ছবিয়েই হওঁক৷ পিংকৰ অভিনেত্ৰী তাপ্সী পান্নুৱে লগতে কয় যে অভিনয় কৰি ভাল পোৱা ছবিতহে নিৰ্বাচন কৰে তাপ্সী পান্নুৱে ৷ আৰু সমাজৰ বিভিন্ন স্তৰত লোকে যাতে ছবিসমূহ গৰ্বিত ভাৱে নিজৰ সন্তানক দেখুৱাব পাৰে ৷উল্লেখ্য যে সম্প্ৰতি তাপ্সী পন্নুৱে বিগ বি অমিতাভ বচ্চনৰ লগত "বদলা"ছবি প্ৰচাৰ চলাই আছে ৷বদলা ছবিখন মুক্তি পাব ৮ মাৰ্চত।

১৯৮৭ চনত জন্ম গ্ৰহণ কৰা তাপ্সী পান্নুৱে বলীউডৰ ছবিৰ লগতে তেলেগু, তামিল,মালায়ালাম ছবিত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰে ৷ বলীউডৰ ছবিত অভিনয় কৰিবলৈ অহাৰ পূৰ্বতে তাপ্সীয়ে এক ছফটৱেৰত হিচাপে কাম কৰাৰ উপৰিও বহুল মডেলিং অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৷তাপ্সীয়ে ২০১০ চনত তেলেগু ছবি Jhummandi Naadam ছবিত অভিনয় কৰে ৷ ইয়াৰ পিছত Aadukalam,vastadu naa raju, আৰু Mr perfect ছবিত অভিনয় কৰে ৷ ইয়াৰ পিছত তাপ্সী পান্নুৱে বলীউডলৈ যাত্ৰা কৰে বেবী ছবিখনৰ জৰিয়তে ৷ বেবীৰ ছবি খনৰ পিছত তাপ্সী পান্নুৱে ২০১৬ চনত ছুপাৰহিট ছবি পিংকত অভিনয় কৰে ৷২০১৭ চনত যুদ্ধৰ পটভুমিত নিৰ্মিত ছবি দ্য গাজী এটেকত অভিনয় কৰে ৷ সেই একেই বৰ্ষতে তাপ্সীয়ে অভিনয় কৰে কমেডী ছবি "জুৰুৱা ২" ত ৷বিগত বৰ্ষত তাপ্সী ছবি গৃহলৈ অহা ছবি হৈছে মুল্ক ৷জুৰুৱা ২ ত অভিনয় কৰিছে বৰুন ধাৱন, আৰু জেকুলিন ফাৰ্ণাণ্ডেজ ৷বলীউডৰ এই গৰাকী অভিনেত্ৰী দক্ষিণ ভাৰতীয় ছবিৰ পৰা বি টাউনলৈকে নিজৰ অভিনয় প্ৰতিভাৰ জৰিয়তে স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ যাৰ কাৰণে সম্প্ৰতি বলীউডৰ ভীৰৰ মাজতো এক নিৰ্দিষ্ট ৰূপত জিলিকি আছে অভিনেত্ৰী তাপ্সী পান্নু।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com