অভিযন্তাৰ পৰা সংগীত শিক্ষকৰ যাত্ৰা; ১টকাত শিকাই সংগীতৰ সুৰ

সংগীতৰ কোনো ধৰ্ম,কোনো জাতি-দেশ বুলি কথা নাই । সংগীতে কোন ডাঙৰ কোন সৰু একো নাজানে । সংগীতে সকলোকে সাত সুৰৰ সংগমত বান্ধি পেলায় । কিন্তু বৰ্তমান সময়ত মানুহৰ ভাগ-দৌৰ কৰা জীৱনত সময়ৰ অভাৱে নিজৰ প্ৰতিভা দেখুওৱাবলৈও সময় নাথাকে কিয়নো,নিজৰ ব্যস্ততাৰ জীৱনত মানুহে পইচা আৰ্জিবলৈ ইমানে দৌৰিব লগা হয় যে,নিজৰ প্ৰতিভাৰ কথা পাহৰিব লগা হয় । এনেধৰন ব্যস্ততাৰ মাজতো যদি আপুনি সংগীত ভাল পায় আৰু সংগীতৰ প্ৰতিভা আছে আৰু সংগীত শিকি নিজৰ প্ৰতিভা ডাঙি ধৰিব বিচাৰে তেন্তে ১টকাত সংগীত শিকিব পাৰে ।
১টকাত সংগীত শিকিব পৰা কথাটো শুনি নাইবা পঢ়ি নিশ্চয় আচৰিত হৈছে,কিন্তু ইয়াত আচৰিত হ'বলগা একো নাই,বৰঞ্চ এইটো সঁচা কথা । আৰু এই কথাৰ প্ৰমান কৰি দেখুওৱালে এচ.সী.ৰাও,যাক মানুহে গিটাৰ ৰাও বুলিও সম্বোধন কৰে । গিটাৰ ৰাওে নিস্বাৰাৰ্থ ভাৱে কেইবা বছৰ ধৰি মানুহক ১টকাত সংগীতৰ সুৰ শিকাই আহিছে । অন্ধ্ৰপ্ৰদেশত জন্ম গ্ৰহন কৰা গিটাৰ ৰাও কেৱল সংগীতজ্ঞ নহয়,তেওঁ পেছাগত ভাৱে এজন চিভিল অভিযন্তা । তেওঁ কেইবা বছৰ ব্যক্তিগত খণ্ডৰ এটা কোম্পানীত এজন অভিযন্তা হিচাপে কাম কৰিছিল ।
সকলো লোকৰ দৰে তেওঁৰ জীৱনলৈও এক বেয়া সময় আহিল,যিটো সময়ত গিটাৰ ৰাওে চাকৰি কৰি আছিল সেই সময়ত তেওঁ পইচাৰ ধাৰত পোট গৈ আছিল । লাহে লাহে তেওঁৰ এই ধাৰ তেওঁৰ বাবে বোজা হৈ পৰিল ,আৰু ক্ৰমান্বয়ে পিছলৈ তেওঁৰ অৱস্থা আৰু বেয়া হ'বলৈ আৰম্ভ কৰিলে। পিছলৈ তেওঁক সময়ে সঁহাৰি নিদিয়া হ'ল আৰু চাকৰি আৰু ঘৰ এৰি তিৰুপতি যাব লগা হ'ল । তিৰুপতি গৈ কিছু সময় তাত থকাৰ পিছত তেওঁ গিটাৰ ৰাওে সংগীত একাডেমি এখনত সংগীত শিকা আৰম্ভ কৰিলে আৰু সংগীতে তেওঁক শান্তি প্ৰদান কৰিলে আৰু তেওঁৰ চিন্তা,অস্থিৰতা কম হ'বলৈ ধৰিলে আৰু তেতিয়াৰ পৰা সংগীত তেওঁৰ জীৱনৰ এটি অংশ হৈ পৰিল । সংগীতৰ শিক্ষা গ্ৰহন কৰি কিছু সময়ৰ পিছত গিটাৰ ৰাওে নিজৰ ঘৰলৈ এটি সংকল্প লৈ উভতিল আৰু তেওঁৰ সংকল্পটো হৈছে,সংগীত শিকাই অন্য লোকৰ চিন্তা,অস্থিৰতা দূৰ কৰা ।
আপোনালোকে জানি আচৰিত হ'ব যে,সংগীত শিক্ষল গিটাৰ ৰাওৰ নিগাজিকৈ থকাৰ নিজৰ কোনো নিৰ্দিষ্ট ঘৰ আৰু ঠাই নাই । তেওঁ অন্ধ্ৰ ভৱনৰ লৱীত থাকে আৰু ৰাইজৰ শৌচাগাৰ(পাব্লিক টয়লেট) ব্যৱহাৰ কৰে । কিন্তু সংগীত শিকাৰ তেওঁৰ জুননৰ বাবে তেওঁৰ লগত আছে ৪-৫ খন গিটাৰ আৰু বাঁহী যাৰ জড়িয়তে তেওঁৰ ওচৰলৈ অহা লোক সকলক তেওঁ সংগীত শিকায় । গিটাৰ ৰাও পুৱা ৭ বজাৰ পৰা ৯ব বজালৈ অন্ধ্ৰ ভৱনৰ ওচৰত সংগীত শিকায় আৰু তাৰ পিছত দুপৰীয়া ২ বজাৰ পৰা ৬ বজালৈ বিজয় চ'কত আৰু ৬ বজাৰ পৰা ৯ বজালৈ ইণ্ডিয়া গেটৰ ওচৰত সংগীত শিকায় ।
গিটাৰ ৰাওে মত প্ৰকাশ কৰা অনুসৰি; "তেওঁৰ ইচ্ছা যিদৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে "স্বচ্ছ ভাৰত মিছন"ৰ আৰম্ভ কৰিছে থিক সেইদৰে তেওঁ "সংগীত ভাৰত মিছন"ৰ আৰম্ভ কৰা । তেওঁৰ লগত সংগীতৰ বহু জ্ঞান নাই যদিও সংগীতৰ প্ৰাথমিক জ্ঞান মানুহক প্ৰদান কৰিব বিচাৰে যাৰ দ্ধাৰা মানুহে নিজৰ অশান্তি,অস্থিৰতা কম কৰি আনন্দপূৰ্বক জীৱন জীয়াব পাৰে" ।
সঁচাই গিটাধ ৰাওৰ চিন্তা সুন্দৰ। স্বচ্ছ ভাৰত মিছনৰ দৰে সংগীতো যদি ভাৰতৰ এক মিছন হিচাপে সজাব পাৰি তেন্তে মানসিক অশান্তিৰ কোনো কাৰনে নাথাকিব ।