Begin typing your search above and press return to search.

অসমক পুঁজি প্ৰদান কৰিবলৈ প্ৰস্তুত হৈছে কেন্দ্ৰ

অসমক পুঁজি প্ৰদান কৰিবলৈ প্ৰস্তুত হৈছে কেন্দ্ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Aug 2018 6:25 AM GMT

অসম উত্তৰপূৰ্বাঞ্চল বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধিনত পোন প্ৰথম বাৰৰ বাবে পুঁজি প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সাজু হৈছে।অসম চৰকাৰে উক্ত আঁচনি খনৰ অধিনত ৯ টাকৈ প্ৰকল্প ডনাৰ মন্ত্ৰালয়ত জমা দিছিল, তাৰে এটা যোৰহাটত ৭৭ কোটি টকাৰ উৰনীয়া সেতু নিৰ্মান।বাকী ৮ টা প্ৰকল্প যেনে আন্তঃগাঁথনি উন্নয়ন,পৰ্য্যটন আৰু বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ বাবে অসমক ডনাৰ মন্ত্ৰালয়ে ৩০৫ কোটি টকা দিবলৈ সাজু হৈছে।উত্তৰপূৰ্বাঞ্চল বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধিনত ২০১৭-১৮ আৰু ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে অসমৰ বাবে ডনাৰ মন্ত্ৰালয়ে ১,৬০০ কোটি টকা দিয়াটো নিশ্চিত কৰিছে। এই আঁচনিৰ লক্ষ্য হ'ল উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ যোগান,শক্তি,সংযোগ,পৰ্য্যটন,শিক্ষা আৰু স্বাস্থ্য খণ্ডত সৃষ্টি হোৱা ব্যৱধান সমূহ সম্পূৰ্ণ কৰা।

Next Story
চাকৰি