অসমত অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ

অসমত অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ
Published on

দৈনন্দিন অসমৰ মাজেৰে অবৈধ কয়লা ভৰ্তি ট্ৰাক সৰবৰাহৰ ঘটনা সংঘটিত হৈ আছে। দৈনন্দিন ১০ খন অবৈধ কয়লা ভৰ্তি ট্ৰাকৰ ভিতৰত ১ খন মান ট্ৰাকহে জব্দ কৰিবলৈ সক্ষম হয়। এনেদৰে ৰাজ্যৰ ভিতৰত কয়লা চিণ্ডিকেট অব্যাহত থকাৰ অভিযোগ উত্থাপন হৈছে ।

সৰ্বোচ্চ ন্যায়ালয়ে মেঘালয়ত কয়লা খননৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে । অসমৰ মাজেৰে অবৈধ কয়লা ভৰ্তি ট্ৰাক সৰবৰাহ বন্ধ কৰাৰ ক্ষেত্ৰত চুবুৰীয়া ৰাজ্য সমুহত কয়লা খনন বন্ধ কৰিব লাগিব ।

মেঘালয়ৰ মদুচ অপেৰান্দি পুৰনা কয়লা খনি ।এই খনিৰ পৰাই অসমৰ সীমান্তয়েদি বৰ্নিহাতত কয়লা জমা কৰা হৈছিল । সুত্ৰই জনোৱা মতে অবৈধ চালান বিহিন ভাবে দৈনন্দিন কয়লা সৰবৰাহ হৈ আছে অসমৰ মাজেৰে । উল্লেখযোগ্য যে এখন ট্ৰাক জব্দ কৰাৰ পৰিবৰ্তে ১০ খন অবৈধ ভাৱে পাৰ হৈ যাবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে । অবৈধ কয়লা ভৰ্তি ট্ৰাক সমুহ পৰ্যাবেক্ষন পদ্ধতিৰ পৰা সাৰি পলায়ন পথেৰ লৈ যোৱা হয় । কৰ ৩ মাহৰ ভিতৰত পৰিশোধ কৰিব লাগে । ট্ৰাক সমুহ কৰ বিহিন ভাবে চলাচল কৰিবলৈ দিয়ে । তিনি মাহৰ ভিতৰত কৰ পৰিশোধ কৰিব লগাৰ সুবিধাতে বহুতো ট্ৰাকে সাৰি যায় । কিন্তু বৰ্তমান প্ৰশ্ন হৈছে কাৰ ছত্ৰছায়াত কয়লা চিণ্ডিকেট চলি আছে ।

নেপাল আৰু ভাৰতৰ কয়লা চুক্তিৰ ভিত্তিত কৰ ফাঁকি দিবলৈ অধিক সুবিধা হৈছে । কয়লা ব্যৱসায়ী সকলে সেয়েহে নেপাললৈ চালানৰ যোগেদি অসমৰ মাজেৰে বিভিন্ন স্থানলৈ কয়লা সৰবৰাহ কৰিবলৈ সুবিধা পাইছে । নেপাললৈ চালান কাটি অসম অথবা বিহাৰলৈ অবৈধ ভাৱে সৰবৰাহ কৰা হয় । মেঘালয়ৰ কয়লা নেপাল, বাংলাদেশ, বিহাৰ, পশ্চিম বংগলৈ অবৈধ ভাৱে অসমৰ মাজেৰে সৰবৰাহৰ কৰা হৈছে ।

মংগলবাৰে নিশা কামৰূপ ডি টি অয়ে গুৱাহাটীৰ পৰা ৮ খন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে । ৮ খন ট্ৰাক কেনেকৈ সাৰি যাবলৈ সক্ষম হৈছে তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে ।

এই সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে। গোচৰৰ ছাৰ্জশ্বীট ইতিমধ্যে তৈয়াৰ কৰা হৈছে আৰু চি আই ডিয়ে অতি সোনকালে কোৰ্টত দাখিল কৰিব ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com