অসমত আজি ৫ টা লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায় ভোট গ্ৰহণ আৰম্ভ

অসমত আজি ৫ টা  লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায় ভোট গ্ৰহণ আৰম্ভ
Published on

আজি ৰাজ্যত দ্বিতীয় পৰ্যায় ভোট গ্ৰহণ । পুৱা ৭ বজাৰ পৰা ৫ টা লোকসভা সমষ্টিৰ ৮৯৯২ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ ।আজি কৰিমগঞ্জ, শিলচৰ, মংগলদৈ, নগাঁও আৰু ডিফুত ভোট গ্ৰহণ অনুষ্ঠিত হৈছে ।

পুৱা ৯ বজালৈকে অসমৰ ৫ টা লোকসভা সমষ্টিত ভোটৰ হাৰ ১১.৬১ শতাংশ । পুৱা ৯ বজালৈকে কৰিমগঞ্জত ভোটৰ হাৰ ১১.৮২ শতাংশ, শিলচৰত ১৩.২৯ শতাংশ, ডিফুত ১২ শতাংশ, মংগলদৈত ভোটৰ হাৰ ১১.৩২ শতাংশ আৰু নগাঁওত ১১.৬১ শতাংশ হৈছে ।

আজি ৫ টা লোকসভা সমষ্টিত ৫০ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় হব । নিকা আৰু মুক্ত নিৰ্বাচনৰ বাবে ৩৫,৯৬৮ জন নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে ।

৫ টা সমষ্টিত ৬৯,১০,৫৯২ ভোটাৰ আছে । ইয়াৰে ৩৫,৫৪,৪৬০ পুৰুষ ভোটাৰ থকাৰ বিপৰিতে মহিলা ভোটাৰ সংখ্যা ৩৩,৫৫,৯৫২ । ১৮০ জন তৃতীয় লিংগ ।

দ্বিতীয় পৰ্যায় নিৰ্বাচনৰ বাবে ১৩৭ টা মহিলা ভোট গ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰে ১১ টা কৰিমগঞ্জত, ২৬ টা নগাঁওত, ৬৭ টা মংগলদৈত, ১০ টা শিলচৰত আৰু ২৩ টা ডিফুত মহিলা ভোট গ্ৰহণ কেন্দ্ৰ আছে ।

৫ টা লোকসভা সমষ্টিত ১০৩৩ ৰিমোট ভোট গ্ৰহণ কেন্দ্ৰ আছে। কৰিমগঞ্জত ৩৫০ টা ৰিমোট ভোট গ্ৰহণ কেন্দ্ৰ আছে, ৪১০ টা শিলচৰত, ৪৩ টা মংগলদৈত আৰু ২৩০ টা ডিফুত আছে ৰিমোট ভোট গ্ৰহণ কেন্দ্ৰ ।ডিমা হাছাওত ইভিএমৰ বিসংগতিৰ বাবে ভোট গ্ৰহণ পলমকৈ আৰম্ভ হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com