অসম গণ পৰিষদৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই আজি কয় যে অসমত টোলগে'টৰ প্ৰয়োজনীয়তা আছে।অন্য ৰাজ্যসমূহতো টোলগে'ট ভালদৰে চলি আছে।সভাপতিগৰাকীয়ে এপিএছচি কেলেঙ্কাৰীৰ তদন্তৰ ক্ষেত্ৰতো মন্তব্য ৰাখি কয় যে এপিএছচি তদন্ত অতি সঠিক দিশত হৈ আছে আৰু কোনো অভিযুক্ত আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰিব।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত অতি নিৰপেক্ষ ভাৱে তদন্তৰ কাম হৈ আছে।বিজেপি সাংসদ আৰ পি শৰ্মাৰ লগত কোনোধৰনৰ ৰাজনীতি হোৱা নাই বুলি কোৱাৰ লগতে আগন্তক পঞ্চায়ত নিৰ্বাচনলৈ অগপ দল সম্পূৰ্ণ সাজু বুলি জনাই সভাপতি জনে।
Begin typing your search above and press return to search.